Headlines

খাচী ছাত্ৰ সন্থাৰ আক্ৰমণৰ প্ৰতিবাদত উত্তাল যোৰাবাটঅসমৰ টেক্সি চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা

যুগ বাৰ্তা ,২০ আগষ্ট ===মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু চালকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি অসম-মেঘালয় সীমান্তৰ যোৰাবাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ টেক্সি চালক সন্থাই। প্ৰতিবাদৰ ফলত যোৰাবাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰাষ্ট্ৰীয় ঘাইপথতো সৃষ্টি হয় তীব্ৰ যান-জঁট।উল্লেখ্য যে, যোৱা ১৯ আগষ্টত মেঘালয়ৰ অন্যতম প্ৰধান ছাত্ৰ সংগঠন খাচী ছাত্ৰ সন্থাই শ্বিলঙত…

Read Full News

সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

যুৱ বাৰ্তা , ১৫ জুনঃ বিগত বছৰৰ দৰে এইবছৰো ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত ২০২৬ বৰ্ষৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডিমৰীয়া অঞ্চলৰ জনজাতীয় ১৬৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোণাপুৰৰ ট্ৰাইচেম প্ৰেক্ষাগৃহত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ স্থায়ী সভাপতি…

Read Full News

সোণাপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ বেপাৰী নিজাম আলী

যুগ বাৰ্তা ৮ জুন === সোণাপুৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত যোৱা ৫ জুনত নিশা এক অভিযান চলাই সোণাপুৰ টোল গেটৰ ওচৰৰ পৰা এজন কুখ্যাত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ বেপাৰী জনৰ পৰা প্ৰায় ১২.০৬ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইন থকা এটা চাবোনৰ বাকচ আৰু AS23AF5646 পঞ্জীয়ন নম্বৰৰ এখন বগা ৰঙৰ অলটো কৰে…

Read Full News

বৰ্ণিহাটৰ আমতলা বস্তিত ড্ৰাগছ বিৰোধী প্ৰতিবাদ: কঠোৰ ব্যৱস্থাৰ দাবীত স্থানীয় ৰাইজৰ সোচ্চাৰ

যুগ বাৰ্তা ১৫ জুলাই === সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ আমতলা বস্তিত বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু অবৈধ বেহাৰ বিৰুদ্ধে সোমবাৰে স্থানীয় বাসিন্দাসকলে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত অঞ্চলটোৰ মহিলাসকলৰ লগতে মহাবীৰ লাচিত সেনাৰ সদস্যসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ড্ৰাগছমুক্ত সমাজ গঢ়াৰ দাবীত একত্ৰিত হয়।প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে আমতলা বস্তি…

Read Full News

ক্ষেত্ৰীৰ নোৱাগাঁৱত বন্য হস্তীৰ সন্ত্ৰাস

যুগ বাৰ্তা ১৫ জুন: ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱত কালি নিশা ১১ মান বজাত মতা পাহাৰৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে নামি অহাত গাওঁবাসীৰ ৰাইজে আলু ব’ম, ফটকা ফুটাই হাতীটোক পাহাৰৰ ফালে খেদি পঠিয়ায়। হাতীটোৱে পুনৰ আহিব পাাৰে বুলি কমল বসুমতাৰী আৰু ভৱানী বসুমতাৰী নামৰ দম্পতীহালে নিশা ভালদৰে শুব পৰা নাছিল। তেনেতে পুৱতি নিশা প্ৰায়…

Read Full News

ডিমৰীয়াত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালকৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ অভিযান

যুগ বাৰ্তা ১ জুন === ক্ষেত্ৰীৰ হেলাগোগ অঞ্চলত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ অবৈধ ভাৱে পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা থাইলেণ্ড মাগুৰ মাছ ক্ষেত্ৰীৰ হেলাপোগত জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে পালন কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দ’ল সংগঠনৰ সদস্যই সাংগঠনিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মীন…

Read Full News

ডিমৰীয়া অঞ্চলৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ উদ্দেশ্যেৰে জাতীয় দল সংগঠনৰ উদ্যোগত নাগৰিক সভা

বাৰ্তা ২৪ মে === সোণাপুৰৰ যোগদলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ডিমৰীয়াৰ ১২ টা জাতীয় দল সংগঠনৰ আহ্বানত স্থানীয় লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন জলন্ত সমস্যা সমূহৰ সমাধান বিচাৰি নাগৰিক সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ উদ্যোগত ডিমৰীয়াৰ ১২ টাকৈ জাতীয় সংগঠনে ডিমৰীয়া বাসী ৰাইজৰ সহযোগত ডিমৰীয়াৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ…

Read Full News

সোণাপুৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

যুগ বাৰ্তা , ২২ জুন === “সুস্থ বাৰ্ধক্যৰ বাবে যোগ”। মূল বিষয় হিচাপে লৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎসাহ – উদ্দীপনাৰে পালন কৰা হয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমে এই কাৰ্যসূচী আয়োজন কৰে সোণাপুৰৰ কমাৰকুছিস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান ( LNIP ) ৰ ইণ্ডোৰ ষ্টেডিয়ামত…

Read Full News

পুনৰ সোণাপুৰত তিৰিশটা গোধন উদ্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গোধন ভৰ্তি বাহন এৰি চালকৰ পলায়ন

যুগ বাৰ্তা ২৩ মে === আজি দিনত সোণাপুৰত এক উল্লেখযোগ্য ঘটনাই সাধাৰণ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । গোপন সূত্ৰৰ পম খেদি সোণাপুৰৰ টোলগেটত ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ সদস্য সকলে সোণাপুৰ আৰক্ষীৰ সহযোগত এখন গোধন সৰবৰাহ কৰা মেস্কিমো বাহন জব্দ কৰে । AS01TC2886 নম্বৰৰ মেস্কিমো বাহন খনৰ পৰা পাচটাকৈ গোধন উদ্ধাৰ কৰে । গোধন উদ্ধাৰ…

Read Full News

ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত চোৰাং চিকাৰীৰ গুলীত প্ৰাণ গ’ল বন্যহস্তীৰ

যুগ বাৰ্তা , ১২মে == সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টোপাতলী খণ্ড বন বিষয়াৰ অধীনস্থ অসম মেঘালয় সীমান্তৰ দিকচাক পাহাৰত চোৰাং চিকাৰীয়ে এটা বন্যহস্তী গুলীয়াই হত্যা কৰাৰ লগতে হাতীটোৰ শুৰ কাটি লৈ যায় । ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৯ মান বজাত দিকচাক গাঁৱৰ লোক এজনে পাহাৰৰ কিছু নিলগত গৰু এৰাল দিব গৈছিল । তেনে…

Read Full News