৩১ আগষ্ট === কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াৰ ভৰাগাঁৱত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ।দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে বহু নিশালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰতিবাদ সাব্যস্ত কৰে। পথৰ বৃহৎ বৃহৎ গাঁত আৰু শোচনীয় অৱস্থাৰ বাবে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ক জগৰীয়া কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ‘ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ মুৰ্দাবাদ’, ‘নাজিৰাখাট টোলগেট কৰ্তৃপক্ষ গ’ বেক’ আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে দুৰ্ঘটনাস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰায় তিনি ঘণ্টাজুৰি চলা প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা দিশতে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিমৰীয়া সমজিলা আয়ুক্ত কংকন শৰ্মা আৰু ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ তপন দাস ঘটনাস্থলীত উপস্থিত হয়। দুয়োগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবীসমূহৰ বিষয়ে বুজ লয়। দাবীসমূহ পূৰণৰ আশ্বাস প্ৰদান কৰাৰ পাছত স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সামৰি পথটো পুনৰ মুকলি কৰি দিয়ে।ইফালে, আজি খানাপাৰাস্থিত কামৰূপ মহানগৰ জিলা আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এক জৰুৰী উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিষয়া, আৰক্ষী-প্ৰশাসনৰ প্ৰতিনিধি আৰু ডিমৰীয়া অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।বৈঠকত ডিমৰীয়া অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা স্থানীয় ৰাইজে সোণাপুৰ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁত আৰু পথৰ শোচনীয় অৱস্থাক দুৰ্ঘটনাৰ অন্যতম মূল কাৰণ হিচাপে উল্লেখ কৰে। পথৰ এনে অৱস্থাক লৈ NHAIৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিনিধিসকলে।ইয়াৰ পৰিপ্ৰেক্ষিতত NHAIক অহা ৭ দিনৰ ভিতৰত সোণাপুৰ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতি কৰাৰ কঠোৰ নিৰ্দেশ দিয়া হয়। ইয়াৰ লগতে পথ সুৰক্ষাৰ সৈতে জড়িত আনুষংগিক সমস্যাসমূহো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিয়া হয়।লগতে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নেতৃত্বত থকা জিলা পথ সুৰক্ষা সমিতিয়ে অহা ৩ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ অঞ্চলটোৰ পথ সুৰক্ষাৰ দিশসমূহ পৰ্যবেক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইফালে, বৈঠকৰ অন্তত ডিমৰীয়াৰ স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলে সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত উপস্থিত হয়। টোলগেটত উপস্থিত হোৱাৰ পাছতে টোল সংগ্ৰহক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে কোনো দায়বদ্ধতা গ্ৰহণ নকৰাকৈ সাধাৰণ ৰাইজৰ বাহনৰ পৰা টোল সংগ্ৰহ কিয় কৰা হ’ব বুলি টোলগেটৰ বিষয়া-কৰ্মচাৰীক প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে। পথ মেৰামতি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত টোলগেট কৰ্তৃপক্ষৰ ভূমিকা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে তেওঁলোকে।ইয়াৰ পাছতে উত্তেজিত ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ নেতা-সদস্যসকলে টোল সংগ্ৰহত বাধা আৰোপ কৰে। প্ৰতিবাদী ৰাইজৰ সিদ্ধান্ত অনুসৰি, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথসমূহ বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণৰূপে মেৰামতি নকৰালৈকে নাজিৰাখাটস্থিত টোলগেটত ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ পৰা টোল সংগ্ৰহ বন্ধ ৰখা হ’ব।ডিমৰীয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হোৱা সৰু-ডাঙৰ সকলো গাঁত সম্পূৰ্ণৰূপে মেৰামতি নকৰালৈকে টোলগেট কৰ্তৃপক্ষক টোল সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব বুলি দল-সংগঠনৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে। এই সিদ্ধান্ত অনিৰ্দিষ্টকাললৈ কাৰ্যকৰী হৈ থাকিব বুলিও তেওঁলোকে জানিবলৈ দিয়ে।আনহাতে, আজি বিয়লি প্ৰায় ৩.৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেতেলীয়াৰ ভৰাগাঁৱৰ শোকাৱহ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে দুৰ্ঘটনাৰ বিষয়ে বুজ লয়।মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতি কৰাৰ লগতে পথ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আহতসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।ইতিমধ্যে দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত গুৱাহাটীৰ উলুবাৰীৰ ইদ্ৰিছ আলী, মৰিগাঁও জিলাৰ লাহৰিঘাটৰ অনিমা ডেকা বৰদলৈ, সোণাপুৰৰ কপালকটাৰ ইনছান আলী, জাগীৰোডৰ কাঁহিকুছিৰ তফজুল আলী, ট্ৰেভেলাৰখনৰ চালক জাগীৰোডৰ গোপাল দাস, সোণাপুৰৰ ২২ মাইলৰ জ্যোতিকা ৰংহাং আৰু জাগীৰোডৰ প্ৰশান্ত তালুকদাৰক চিনাক্ত কৰা হৈছে।
তেতেলীয়াৰ ভৰাগাঁৱৰ শোকাৱহ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৭ দিনৰ ভিতৰত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতিৰ কঠোৰ নিৰ্দেশপথ মেৰামতি নকৰালৈকে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধৰ সিদ্ধান্ত


