ক্ষেত্ৰীত একাদশ শ্ৰেণীৰ ছাত্ৰৰৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। পকেটত উদ্ধাৰ দুই বিশেষ টোকাক লৈ নতুন মোৰ তদন্তত এয়া হত্যাকাণ্ড বুলি পিতৃৰ দাবী

৭ ছেপ্টেম্বৰ === ক্ষেত্ৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ চৰকাৰী কোৱাৰ্টাৰত দেওবাৰে একাদশ শ্ৰেণীত অধ্যয়নৰত গাণ্ডীৱ লোচন শৰ্মাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। ছাত্ৰজনৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে তেওঁৰ পকেটৰ পৰা উদ্ধাৰ হোৱা দুটা বিশেষ টোকাই ঘটনাটোক নতুন মোৰ প্ৰদান কৰিছে।
জানিব পৰা মতে, ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত মনোজ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ গাণ্ডীৱ লোচন শৰ্মা দেওবাৰে ঘৰত অকলে আছিল। পিতৃ-মাতৃয়ে কনিষ্ঠ পুত্ৰক সংগীতৰ ক্লাছলৈ লৈ যোৱাৰ সময়তে তেওঁ কোৱাৰ্টাৰত আছিল। পিছত কনিষ্ঠ পুত্ৰৰ সংগীতৰ ক্লাছ শেষ হোৱাৰ পাছত পিতৃ-মাতৃ কোৱাৰ্টাৰলৈ উভতি আহে।
কোৱাৰ্টাৰত উপস্থিত হৈ মাতৃয়ে জ্যেষ্ঠ পুত্ৰক ডিঙিত ৰছী লগোৱা অৱস্থাত উলমি থকা দেখা পায়। এই দৃশ্য প্ৰত্যক্ষ কৰি মাতৃয়ে চিঞৰ-বাখৰ কৰাত ওচৰৰ আন আবাসী আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। পিছত স্থানীয় আৰক্ষীৰ সহযোগত ছাত্ৰজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ক্ষেত্ৰী আৰক্ষীৰ লগতে মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া, চি আই ডিৰ দল আৰু ফৰেনছিক বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিভিন্ন দিশৰ পৰা তদন্ত আৰম্ভ কৰে। ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য-প্ৰমাণ সংগ্ৰহ কৰিছে।
ইফালে তদন্তৰ মাজতে মৃত ছাত্ৰজনৰ পকেটৰ পৰা আৰক্ষীয়ে দুটা বিশেষ টোকা উদ্ধাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। এটা টোকাত পিতৃ-মাতৃ আৰু ভাতৃক উদ্দেশ্য কৰি ইংৰাজীত “Thank you for everything you did till now” বুলি লিখা থকাৰ বিপৰীতে আনটো টোকাত “And sorry for everything I did till now” বুলি লিখা থকা বুলি জানিব পৰা গৈছে।
এই দুই টোকা উদ্ধাৰৰ পাছতে আৰক্ষীয়ে ঘটনাটোক আন এক দৃষ্টিকোণেৰে পৰীক্ষা কৰি তদন্ত আগবঢ়াইছে। টোকা দুটা প্ৰকৃততে মৃত ছাত্ৰজনেই লিখিছিল নে আন কোনো ব্যক্তিয়ে লিখিছিল, সেই বিষয়টোও এতিয়া তদন্তৰ আওতালৈ আহিছে।
আনহাতে, মৃত ছাত্ৰজনৰ পিতৃ মনোজ শৰ্মাই ঘটনাটো আত্মহত্যা নহয়, হত্যাকাণ্ড বুলি দাবী কৰিছে। তেওঁৰ দাবী অনুসৰি, ছাত্ৰজনৰ পকেটৰ পৰা উদ্ধাৰ হোৱা টোকা দুটাৰ আখৰ গাণ্ডীৱৰ হাতৰ আখৰৰ সৈতে নিমিলে। ফলত টোকা দুটাৰ লেখক কোন আৰু সেই টোকা কেনেকৈ ছাত্ৰজনৰ পকেটত আহিল, সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে তদন্তকাৰী আৰক্ষীৰ সন্মুখত থিয় দিছে।
ছাত্ৰজনৰ পিতৃৰ এই দাবীৰ লগতে ঘটনাস্থলীৰ পৰিস্থিতি, উদ্ধাৰ হোৱা টোকা, হাতৰ আখৰ আৰু অন্যান্য ফৰেনছিক তথ্য পৰীক্ষা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ফৰেনছিক পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতহে ঘটনাটোৰ প্ৰকৃত ৰহস্য অধিক স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *