২ ছেপ্টেম্বৰ == সোণাপুৰৰ নাজিৰাখাট টোলগেটত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু সম্পূৰ্ণৰূপে সুচল নকৰালৈকে টোলকৰ সংগ্ৰহ বন্ধ ৰখাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাশ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে টোলগেটৰ এটা অংশ বন্ধ কৰি টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী জনোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।উল্লেখ্য যে, যোৱা দেওবাৰে ক্ষেত্ৰীৰ ভৰাগাঁৱত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত সাতগৰাকী নিৰীহ লোক নিহত হোৱাৰ পিছতে সোণাপুৰ–ডিমৰীয়া অঞ্চলৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আহিছে। দুৰ্ঘটনাৰ পিছতে সেইদিনা নিশা বহু ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে পথ অৱৰোধ কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছিল।ইয়াৰ পিছদিনা খানাপাৰাস্থিত কামৰূপ মহানগৰ জিলা আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক জৰুৰী উচ্চস্তৰীয় বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI), আৰক্ষী প্ৰশাসন আৰু ডিমৰীয়া অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকল আলোচনাত মিলিত হয়। বৈঠকত সোণাপুৰ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতসমূহ সাতদিনৰ ভিতৰত মেৰামতি কৰাৰ লগতে ঘাইপথটো আধুনিক আৰু বিজ্ঞানসন্মতভাৱে সুচল নকৰালৈকে নাজিৰাখাট টোলগেটত টোলকৰ সংগ্ৰহ বন্ধ ৰখাৰ দাবী উত্থাপন কৰা হয়।আলোচনাৰ পিছত ডিমৰীয়াৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে দিনৰ ভাগত নাজিৰাখাট টোলগেটত টোলকৰ সংগ্ৰহত বাধা আৰোপ কৰে। যদিও দিনৰ ভাগত টোলকৰ সংগ্ৰহ বন্ধ আছিল, পৰৱৰ্তী সময়ত নিশা প্ৰায় ১০ বজাৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত টোলগেট কৰ্তৃপক্ষই পুনৰ টোল সংগ্ৰহ আৰম্ভ কৰে। ইয়াৰ প্ৰতিবাদত সেই নিশাই বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ টোলগেটত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠিয়ায়।ইফালে, সম্ভাৱ্য প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি যোৱা কালি পুৱা টোলগেটৰ সমীপৰ পৰা যোৰাবাট শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু ডেকাক আৰক্ষীয়ে আটক কৰি দিচপুৰ থানালৈ লৈ যায়। তেওঁৰ আটকক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশ্যে পিছত আজি দিনৰ ভাগত দিচপুৰ আৰক্ষীয়ে ৰিংকু ডেকাক মুকলি কৰি দিয়ে।এই ঘটনাৰ মাজতে আজি পুনৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত নাজিৰাখাট টোলগেটত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে মেৰামতি কৰি বিজ্ঞানসন্মতভাৱে সুচল নকৰালৈকে কোনো কাৰণতে টোলকৰ সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব।ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে জনসাধাৰণৰ জীৱন বিপন্ন হৈ থকাৰ সময়তো টোলকৰ সংগ্ৰহ অব্যাহত ৰখাক লৈ প্ৰতিবাদকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। দাবী পূৰণ নোহোৱালৈকে আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰো দিয়ে সংগঠনটোৰ নেতা-কৰ্মীসকলে।ইফালে প্ৰতিবাদকাৰীসকলে টোলগেটৰ এটা অংশ বন্ধ কৰি টোলকৰ সংগ্ৰহ বন্ধ কৰাৰ দাবী জনোৱাত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। টোলগেটৰ পথছোৱা মুকলি কৰাৰ বাবে আৰক্ষী-প্ৰশাসনে প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰাত দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি টোলগেট চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰতিবাদস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক বিজন বায়নসহ কেইবাগৰাকী নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।
নাজিৰাখাট টোলগেটত AJYCPৰ বৃহৎ প্ৰতিবাদঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী; আৰক্ষী–প্ৰতিবাদকাৰীৰ মাজত হতাহতি, কেইবাজনো আটক


