সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসৰ সম্বৰ্ধনা অনুষ্ঠান ; উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা , বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি

যুগ বাৰ্তা ১৭ মে == সোণাপুৰৰ বালিগেট স্থিত ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে আজি নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । সমষ্টি পুনৰ গঠন হোৱাত দিশপুৰ সমষ্টিটোক দুটা ভাগত বিভক্ত কৰি নতুনকৈ ডিমৰীয়া বিধানসভা সমষ্টি গঠন কৰা হয় । এই নতুন ৩৪ নং ডিমৰীয়া বিধানসভা (এচ চি ) সমষ্টিটোক প্ৰতিনিধিত্ব কৰি এইবাৰ বিধানসভা নিৰ্বাচনত অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ ড° তপন দাসে জয়ী হৈ আহে । বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ অহাৰ আনন্দত ডিমৰীয়া বিধানসভা সমষ্টিৰ অগপ দলৰ লগতে মিত্ৰজোঁটৰ দলীয় নেতা কৰ্মীসকলে ড° তপন দাসক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত সমষ্টিটোৰ অন্তৰ্গত এন ডি এ মিত্ৰজোঁটৰ প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতত ড° তপন দাসক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দলীয় ভাৱেও তেওঁক বিশেষ সম্বৰ্ধনা জনায় । ডিমৰীয়া বিধান পৰিষদৰ সভাপতি শ্ৰী শ্ৰীকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৱনিৰ্বাচিত বিধায়ক ড ° তপন দাসে কয় যে ডিমৰীয়া বিধানসভা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰি ৰাইজে যি মৰম শ্নেহ দিলে সেই মৰম শ্নেহ সমূহ আগলৈয়ো থাকে তাৰ বাবে ৰাইজক আহ্বান জনায় । আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা , ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি , প্ৰাক্তন বিধায়ক অতুল বৰা , কামৰূপ মহানগৰ জিলাৰ বিজেপি দলৰ সভাপতি তপন চন্দ্ৰ দাস , সাধাৰণ সম্পাদক বিজয় পাঠক , অগপ দলৰ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি ৰাজখোৱা , ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাং ৰ প্ৰমূখ্যে মিত্ৰজোঁটৰ বহু নেতা কৰ্মীসকল । বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা অগপ দলৰ সভাপতি অতুল বৰা কয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰা ডিমৰীয়া বিধানসভা সমষ্টিবাসীলোকে ড° তপন দাসক বিজয়ী কৰাই দেখোৱাই দিলে ডিমৰীয়াবাসী লোকৰ ঐক্যতা । মিত্ৰ বিজেপি দলৰ নিষ্ঠাৱান নেতা কৰ্মীৰ বাবেই তৃতীয়বাৰৰ বাবে এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পৰা গ’ল বুলিও ভাষণত উল্লেখ কৰে । অতুল বৰাই কয় বিজেপি দলৰ প্ৰতিজন নেতা কৰ্মীয়ে দলৰ স্বাৰ্থত নিষ্ঠা সততাৰে দলৰ দায়িত্ব পালন কৰে । বেতনভোগী চৰকাৰী কৰ্মচাৰীৰ মাজত নিজৰ কৰ্মক্ষেত্ৰত সেই নিষ্ঠা সততা সিমানখিনি নাই যিমানখিনি বিজেপি দলৰ নেতা কৰ্মীৰ মাজত দলীয় কৰ্মক্ষেত্ৰত আছে । বিজেপি দলৰ সততা থকা নিষ্ঠাৱান নেতা কৰ্মীৰ বাবেই মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ সুবিধা পালে । এনে বিজেপি দলৰ নেতা কৰ্মীয়ে নিৰ্বাচনৰ সময়ত দিন ৰাতি একাকাৰ কৰি ড° তপন দাসক আগুৱাই নিয়াৰ বাবে আজি ডিমৰীয়া বিধানসভা সমষ্টিৰ ড° তপন দাস বিধায়ক হোৱাৰ সুযোগ পালে । গতিকে ড° তপন দাসৰো দায়িত্ব বহুত বাঢ়িল । ৰাজনৈতিক জীৱনৰ দীৰ্ঘকালীন যাত্ৰাৰ বাবে এজিপি বিজেপি দলৰ সকলো নেতা কৰ্মী তথা সমৰ্থকক লগত লৈ সুখে দুখে একেলগে একলগ হৈ ড° তপন দাসে আগবাঢ়ি যাব লাগিব বুলি কয় । সমান্তৰালভাৱে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন বিধায়ক অতুল বৰা, সাংসদ বিজুলী কলিতা মেধিকে ধৰি সকলোৱে ড° তপন দাসক প্ৰশংসাৰে উপচাই পেলায় । ড° তপন দাসে দলীয় নেতা কৰ্মীৰ পৰা সম্বৰ্ধনা লৈছে যদিও ডিমৰীয়া বিধানসভা সমষ্টিত বিধায়ক ৰূপে ঐতিহাসিক বিজয়ীৰে জয়ী কৰাত অৰিহণা যোগোৱা ডিমৰীয়া বিধানসভাৰ অন্তৰ্গত বিজেপি দলৰ প্ৰতিজন নেতা পালিনেতাক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই কৃতজ্ঞতা প্ৰকাশ কৰে ড° তপন দাসে ।উল্লেখযোগ্য যে সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভণিৰ পূৰ্বে শ্বহীদ তৰ্পণ কৰা হয় । ইয়াৰ পিছতে সমবেত সংগীত পৰিবেশন কৰে ডিমৰীয়া মহিলা পৰিষদৰ সদস্যা সকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *