যুগ বাৰ্তা ৩০ মে === ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২২ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে এখন বলেৰ বাহনে খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীতেই চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা চাৰিজন লোকৰ ভিতৰত তিনিগৰাকী একেটা পৰিয়ালৰ ।প্ৰাপ্ত তথ্য অনুসৰি, তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত AS 01UC 1633 নম্বৰৰ ১২ চকীয়া এখন ট্ৰাক ৰখাই থোৱা অৱস্থাত আছিল। সেই সময়তে অতিমাত্ৰা বেগত আহি AS 01 Q 0042 নম্বৰৰ বলেৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনৰ পিছফালে জোৰে খুন্দা মাৰে। তীব্ৰবেগৰে খুন্দা মৰাৰ ফলত বলেৰ বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় আৰু বাহনত থকা চাৰিজন লোকৰে থিতাতে নিহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বলেৰ বাহনখনৰ আগফালটো সম্পূৰ্ণ চুৰ্ণ বিচুৰ্ণ হৈ যায়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ক্ষেত্ৰীৰ যানবাহন আৰক্ষী উপস্থিত হৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে লোক কেইজনৰ থিতাতে মৃত্যু ঘটে । বলেৰ বাহন খনত Govt of Arunachal লিখা আছিল । দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক সোণাপুৰ জিলা চিকিৎসালয়ত ৰখা হৈছে ।আৰক্ষীৰ লোকে জানিবলৈ দিয়া মতে দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালৰ লোকক দুৰ্ঘটনাৰ সম্পৰ্কে অৱগত কৰিছে । ইতিমধ্যে পৰিয়ালৰ লোক অৰুনাচলৰ পৰা ৰাওনা হৈছে ।দূৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ তিনিজন পুৰুষ আছিল আৰু এগৰাকী মহিলা আছিল । আৰক্ষীৰ তথ্যৰ ভিত্তিত জানিব পৰা মতে নিহত মহিলা গৰাকী অৰুণাচল ইটানগৰৰ কুনগা দৈমা (৫২) বুলি চিনাক্ত হৈছে । মহিলা গৰাকী অৰুণাচলৰ ইটানগৰৰ লোক নিৰ্মাণ বিভাগৰ ডি -চেক্টৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া । বলেৰ বাহন খনৰ চালকৰ আসনত বহি নিহত হোৱা পুৰুষজন মহিলা গৰাকীৰ স্বামী লিগি বাৰাছা (ভেটেনাৰী চিকিৎসক অৰুণাচল ) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা গ্ৰস্ত হোৱা বলেৰ বাহন খনৰ পিছৰ চিটত বহি নিহত হোৱা এজন পুৰুষজন মহিলা গৰাকীৰ সন্তান গিমিৰা বাৰাছা । জানিব পৰা মতে নিহত সন্তান গিমিৰা বাৰাছা ( 20 বছৰীয়া) ত্ৰিপুৰা শান্তিনিকেতন মেডিকেল কলেজৰ ছাত্ৰ আছিল। আনজন মহিলা গৰাকীৰ পুত্ৰৰ বন্ধু একেখন মেডিকেল কলেজৰ ছাত্ৰ কৰ্ম শেৰাৱ খ্ৰিমে নামৰ ২০ বছৰীয়া এিপুৰা শান্তিনিকেতন মেডিকেল কলেজৰ ছাএ জনৰ পৰিচয় পএ খনৰ পৰা জানিব পৰা মতে তেওঁৰ ঘৰ অৰুনাচল প্ৰদেশৰ পিন নং ৭৯০০৩ ৰ ৰূপা নামৰ ঠাইৰ আছিল। জানিব পৰা মতে লিগি বাৰাছাৰ কন্যা গুৱাহাটীৰ নেছনেল পাব্লিক স্কুলত অধ্যন কৰি আছে।আৰু কন্যাক দেখা কৰি খবৰ লবলৈ অৰুণাচলৰ পৰা গুৱাহাটীলৈ গৈ আছিল। ভয়াবহ ঘটনা স্হলীত যুতীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন আৰু যানবাহনৰ ডিচিপি জয়ন্ত সাৰথি উপস্হিত হৈ দুৰ্ঘটনাৰ বুজ লয়।স্থানীয় ৰাইজে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ ঘাইপথত নিয়মিত তদাৰকি আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ ভাৱে ট্ৰাক গাড়ীসমূহ ৰখাই থোৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।
ডিমৰীয়াৰ তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে চাৰিজনৰ মৃত্যু


