যুগ বাৰ্তা ২৯ মে === সোণাপুৰৰ কলংপাৰত মৰেল পুলিচৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু । মৃত যুৱকজন হৈছে কলংপাৰৰ বাপন পাল । বাপন পালক হত্যা কৰাৰ অভিযোগত তিনিজন ব্যক্তিৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীয়ে ৫৫/২৬ ইউ/এছ – ১২৭(২)/১১৮(২)/১০৯/৩(৫)/১০৩ বিএনএছ নং গোচৰ ৰুজূ কৰি তদন্ত আৰম্ভ কৰিছে ।ইতিমধ্যে ঘটনাৰ সংক্ৰমণত দুজনক অভিযুক্তক সোণাপুৰ থানাৰ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।আটকাধীন ব্যক্তি দুগৰাকী ক্ৰমে তপন দাস আৰু ৰাখাল বৰ্মন । দুয়োজনৰে ঘৰ সোণাপুৰ থানাৰ অন্তৰ্গত কলংপাৰত । আনহাতে বৰ্তমানেও আন এজন অভিযুক্ত কৰ্ণ বৰ্মন পলাতক হৈ আছে । পলাতক কৰ্ণ বৰ্মনক আটক কৰিবলৈ সোণাপুৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই আছে ।উল্লেখযোগ্য যে যোৱা ২৪ মেৰ দিনা সন্ধিয়া ৮ মান বজাত কলংপাৰ বজাৰৰ শিৱ মন্দিৰৰ নিচেই সমীপত চিঞৰ বাখৰ কৰাক কেন্দ্ৰ কৰি মাৰপিট সংঘটিত হয় । তপন দাস , ৰাখাল বৰ্মন আৰু কৰ্ণ বৰ্মনে মন্দিৰৰ ওচৰত চিঞৰ বাখৰ কৰি থকাত বাপন পালে মন্দিৰৰ ওচৰত চিঞৰ বাখৰ নকৰিবলৈ অনুৰোধ জনায় । বাপন পাল যিহেতু শিৱ মন্দিৰটো চোৱা চিতা কৰিছিল সেয়েহে তিনিওজনক মন্দিৰৰ ওচৰত চিঞৰ বাখৰ নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু বাপন পালৰ অনুৰোধ নামানি তিনিওজনে বাপন পালৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈ শেষত শাৰীৰিকভাবে আক্ৰমণ কৰে । তিনিজজনে কৰা আক্ৰমণৰ ফলত বাপন পালে মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ সেই স্থানতে অচেতন হৈ পৰে । ইয়াৰ পিছত স্থানীয় লোকে তেওঁক চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়লৈ স্থানান্তৰিত কৰে যদিও উন্নত চিকিৎসাৰ বাবে বাপন পালক জি এম চি এইচলৈ প্ৰেৰণ কৰে । চিকিৎসাধীন অৱস্থাত যোৱা কালি বাপন পালৰ মৃত্যু হয় । ইফালে শিৱ মন্দিৰ চোৱা চিতাৰ দায়িত্ব নিয়াৰিকৈ পালন কৰি অহা ব্যক্তি বাপন পালক নিৰ্মমভাবে হত্যা কৰা ঘটনাক কলংপাৰ বাসী ৰাইজে সহজভাৱে ল’ব পৰা নাই । কলংপাৰ বাসী ৰাইজে নিৰ্দোষী বাপন পালক হত্যা কৰা তিনিওজন হত্যাকাৰীকে কঠোৰৰ পৰা কঠোৰতম শাস্তি দাবী জনাই কলংপাৰত আজি দিনৰ ভাগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।


