যুগ বাৰ্তা ২৭ মে === ক্ষেত্ৰী পঞ্চায়তৰ অন্তৰ্গত হেলাগোগৰ ঐতিহাসিক জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে থাইলেণ্ড মাগুৰ মাছ পুখুৰীত পালন কৰা ঘটনাই সমগ্ৰ ডিমৰীয়া অঞ্চলৰ ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে থাইলেণ্ড মাগুৰ মাছৰ পালন , বিক্ৰী আৰু আমদানিত চৰকাৰী নিষেধাজ্ঞা থকাৰ পিছতো কিছুমান অসাধু ব্যৱসায়ীয়ে অধিক লাভৰ আশাত এই বিদেশী প্ৰজাতিৰ মাছ পালন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে । বিশেষজ্ঞৰ মতে এই মাছবোৰ অতি শুনকালে ডাঙৰ হয় আৰু কম খৰচী ফলত ব্যৱসায়ীকভাৱে অতি লাভজনক হয়। কিন্তু এই বিদেশী প্ৰজাতিৰ থাইলেণ্ড মাগুৰ মাছে স্থানীয় জলজ জীৱবৈচিত্ৰ্যত কুপ্ৰভাৱ পেলায় । হেলাগোগ অঞ্চলত এই বৃহৎ বৃহৎ পুখুৰী সমূহত অবৈধ ভাৱে পালন কৰা থাইলেণ্ড মাগুৰ মাছ কিবা প্ৰকাৰে পুখুৰীৰ পৰা বাহিৰ ওলাই গৈ ওচৰৰে খাল বিলসমূহত বিশেষকৈ ঐতিহাসিক জালিসৰা বিলত সোমাই গ’লে তাত থকা স্থানীয় মাছৰ অস্তিত্ব বিপদত পৰিব পৰিব । থাইলেণ্ড মাগুৰ মাছে অন্য দেশীয় মাছ সমূহ খাই পেলাব। যুগ যুগ ধৰি প্ৰতি মাঘৰ বিহুত ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি ৰাইজে জালিসৰা বিলত সমূহীয়াকৈ মৎস্য চিকাৰ কৰি আহিছে । যি পৰম্পৰাই অসমীয়া জনজীৱনৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি ৰাখিছে । তেনেক্ষেত্ৰত যদি থাইলেণ্ড মাগুৰ আগ্ৰাসী প্ৰভাৱত জালিসৰা বিলত থলোৱা মাগুৰ শিঙি গৰৈ শল পুঠি মাছ বিলুপ্ত হৈ পৰে তেতিহলেতো প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য ভাঙি পৰায়েই নহয় অসমীয়া সংস্কৃতিৰ অন্যতম সৌন্দৰ্য্য সমূহীয়া মৎস্য চিকাৰ পৰ্ব ধৰি ৰখাত টান হৈ পৰিব । থলুৱা প্ৰজাতিৰ মাছক বিপন্ন কৰি বিদেশী থাইলেণ্ড মাগুৰ মাছ পালন কৰা কাৰ্যৰ বিৰুদ্ধে ডিমৰীয়া বাসী ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দাবী জনায় যে থলুৱা প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ তথা ঐতিহাসিক জালিসৰা বিলৰ অসমীয়া সাংস্কৃতিক গৰীমা ৰক্ষা কৰাৰ স্বাৰ্থত অবৈধ ভাৱে পালন কৰা থাইলেণ্ড মাগুৰ মাছ উৎপাদন বন্ধ কৰাৰ লগতে থাইলেণ্ড মাগুৰ মাছৰ সৈতে জড়িত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতে ৰাইজৰ মাজত প্ৰশ্ন সৃষ্টি হৈছে চৰকাৰী ভাবে নিষিদ্ধ থকাৰ পিছতো কাৰ আশীৰ্বাদত ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত হেলাগোগ অঞ্চলত শ শ বিঘা পুখুৰীত থাইলেণ্ড মাগুৰ মাছ পালন কৰা ৰ সাহস পাইছে । অসম চৰকাৰৰ মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকল ক’ত গ’ল । নে সকলো জানি বুজি দেখিও নেদেখাৰ ভাও জুৰি আছে । নে আন কিবা অংকৰ খেলাত ব্যস্ত মীন বিভাগ । স্থানীয় লোকে বিচাৰে ডিমৰীয়া অঞ্চলৰ গৌৰৱ তথা স্বাভিমান জালিসৰা বিলৰ ঐতিহ্য ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰৰ মীন বিভাগে থাইলেণ্ড মাগুৰ মাছ পালনক তথা ব্যৱসায়ীৰ বিৰুদ্ধে অতি শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি নিজৰ কৰ্তব্য পালনৰ নিষ্ঠা সততাৰ পৰিচয় দিয়ক ।
ক্ষেত্ৰীত বৃহৎ বৃহৎ পুখুৰীত অবৈধভাৱে পালন নিষিদ্ধ বিদেশী থাইলেণ্ড মাগুৰ মাছ ; ঐতিহাসিক জালিসৰা বিলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব থাইলেণ্ড মাগুৰ মাছে


