ডিমৰীয়াত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালকৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ অভিযান

যুগ বাৰ্তা ১ জুন === ক্ষেত্ৰীৰ হেলাগোগ অঞ্চলত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ অবৈধ ভাৱে পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।
ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা থাইলেণ্ড মাগুৰ মাছ ক্ষেত্ৰীৰ হেলাপোগত জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে পালন কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দ’ল সংগঠনৰ সদস্যই সাংগঠনিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মীন বিভাগৰ বিষয়াক মৌখিকভাৱে নিষিদ্ধ মাছ পালনৰ বিষয়টো অৱগত কৰে । সংগঠনৰ সদস্যৰ পৰা পোৱা তথ্যৰ ভিত্তিত মীন বিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ এটা দলে শনিবাৰ আৰু ৰবিবাৰে যোৱা দুদিন ধৰি অবৈধভাৱে নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে।
ডিমৰীয়াৰ স্থানীয় সংগঠন বৃহত্তৰ ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ সদস্যৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ভিত্তিত কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ এটি পাঁচ জনীয়া দলে ক্ষেত্ৰী আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত হেলাগোগৰ জালিসৰা বিলৰ পাৰত অৱস্থিত বৃহৎ বৃহৎ আকাৰৰ পুখুৰী সমূহ পৰিদৰ্শন কৰে । মীন বিভাগৰ বিষয়াসকলে পৰিদৰ্শনৰ সময়ত পুখুৰীসমূহ পৰীক্ষা কৰি ধৰা পেলাবলৈ সক্ষম হয় কেইবাটাও পুখুৰীত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ গোপনে পালন কৰি অহাৰ তথ্য। নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালন কৰা পুখুৰীৰ মালিকসকলক তথা নিষিদ্ধ মাছ পালকসকলক এই অবৈধ কাৰ্য বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে জৰিমনা বিহে । আনহাতে মীন বিভাগৰ বিষয়াসকলে জনায় যে থাইলেণ্ড মাগুৰ মাছ পালন বিক্ৰী আৰু আমদানিত সম্পূৰ্ণ চৰকাৰী নিষেধাজ্ঞা আছে ।তেনেক্ষেত্ৰত যিকোনো লোকে নিষিদ্ধ মাছ পালন কৰিলে তেনেলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় । অভিযান কালত বিষয়াসকলে কয়, আগন্তুক দিনত আৰু অধিক কঠোৰ অভিযান চলোৱা হ’ব । প্ৰয়োজন হ’লে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *