ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত চোৰাং চিকাৰীৰ গুলীত প্ৰাণ গ’ল বন্যহস্তীৰ

যুগ বাৰ্তা , ১২মে == সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টোপাতলী খণ্ড বন বিষয়াৰ অধীনস্থ অসম মেঘালয় সীমান্তৰ দিকচাক পাহাৰত চোৰাং চিকাৰীয়ে এটা বন্যহস্তী গুলীয়াই হত্যা কৰাৰ লগতে হাতীটোৰ শুৰ কাটি লৈ যায় । ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৯ মান বজাত দিকচাক গাঁৱৰ লোক এজনে পাহাৰৰ কিছু নিলগত গৰু এৰাল দিব গৈছিল । তেনে সময়তে পাহাৰত দুই জাই গুলী ফুটোৱাৰ শব্দ শুনিবলৈ পায় । ঘটনাৰ উমান ল’বলৈ চেষ্টা কৰাৰ কিছু সময়ৰ পিছতে পাহাৰৰ নামনিত এজাক হাতী দৌৰা দৌৰি কৰা দেখিবলৈ পায় । পাহাৰত কিবা দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহত লোকজনে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগক খবৰ দিয়ে ।‌ ঘটনাস্থলীত বন বিভাগৰ লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈ বহু বিচাৰ খোচাৰ কৰি আবেলিৰ ভাগত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰে । বন বিভাগৰ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ হোৱা মৃত হাতীটো মতা হাতী আছিল । চোৰাং চিকাৰীয়ে মতা হাতীটোৰ মূৰত গুলীয়াই হত্যা কৰি কাটি লৈ যায় শুঁৰ। দিকচাক পাহাৰত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ সন্দেহ মেঘালয়ৰ দিশৰ পৰা অহা চোৰাং চিকাৰীয়ে এই নৃশংস কাণ্ড সংঘটিত কৰিছে। পৰবৰ্তী পৰ্যায়ত সমগ্ৰ বিষয় সন্দৰ্ভত বন বিভাগে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *