ক্ষেত্ৰী আৰক্ষী থানাৰ চৌহদ উত্তপ্ত পৰিস্থিতি হত্যাকাৰীক এনকাউণ্টাৰ কৰাৰ দাবী জনাই ঔজাৰী গাঁৱৰ ৰাইজে

যুগ বাৰ্তা ১০ জুন === ক্ষেত্ৰী থানাৰ অন্তৰ্গত এক নং ঔজাৰীৰ যুৱতী সুস্মিতা মণ্ডলক অতি নৃশংসভাৱে হত্যা কৰা মূল অভিযুক্ত বিপুল মল্লিকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি ক্ষেত্ৰী থানাৰ চৌহদ ঔজাৰীৰ ৰাইজে উত্তপ্ত কৰি তোলে । উল্লেখযোগ্য যে যোৱা ৪ জুনত নিশা গাঁও ডিমৰীয়াৰ পথাৰৰ পৰা উদ্ধাৰ হৈছিল সুস্মিতা মণ্ডলৰ মৃতদেহ। পৰিকল্পিত ভাৱে সুস্মিতা মণ্ডলক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । হত্যাকাণ্ডৰ সম্পৰ্কত যাবতীয় তথ্য সংগ্ৰহ কৰি সঠিক দিশত তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ অন্তত ঘটনা সংঘটিত হোৱাৰ বাযঘণ্টা নহওতেই গুৱাহাটী মহানগৰীৰ পৰা আটক কৰে পিছতে ক্ষেত্ৰী আৰক্ষীয়ে হত্যাকাৰী বিপুল মল্লিকক।ইফালে, আৰক্ষীৰ সন্মুখত অভিযুক্তই অনুশোচনাহীনভাৱে আনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে যুৱতীগৰাকীক সোতৰবাৰকৈ চুৰিৰে হানি খুচি হত্যা কৰাৰ যি স্বীকাৰোক্তি দিলে তাকলৈ ৰাইজ ক্ষোভিত হৈ পৰে। ফলত আজি শতাধিক স্থানীয় ৰাইজ ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখত সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হত্যাকাৰীক এনকাউণ্টাৰ কৰিব লাগে , ফাঁচি দিব লাগে, আমাক ন্যায় লাগে বুলি শ্লোগান দি ক্ষেত্ৰী থানাৰ চৌহদৰ পৰিবেশ উত্তাল কৰি তোলে।ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত এতিয়াও অব্যাহত আছে উত্তেজনাপূৰ্ণ পৰিস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *