ডিমৰীয়াবাসী ৰাইজে কোনো কাৰণতে ডিমৰীয়াক সুৰাৰ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব নিদিয়ে

যুগ বাৰ্তা ১১ জুন === ডিগাৰুৰ মাজ মজিয়াত বিলাতী সুৰাৰ বিপনী কেন্দ্ৰ বাতিলৰ দাবীত ডিগাৰুবাসী ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গৰজি উঠাৰ পিছদিনাই অৰ্থাৎ ৮ জুনত জনমত সংগ্ৰহৰ উদ্দেশ্যেৰে ডিগাৰুত উপস্থিত জিলা প্ৰশাসন । উল্লেখযোগ্য যে নীতি বহিৰ্ভূত ভাৱে ডিমৰীয়া অঞ্চলত বিশেষকৈ যোগদল , ডিগাৰু , বৰখাট , নতুন বজাৰ আদি ঠাইত নতুনকৈ বিলাতী সুৰাৰ বিপনী স্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ৰাইজে ধাৰাবাহিকভাবে জনাই অহা ঐক্যবদ্ধ প্ৰতিবাদ তথা প্ৰশাসনৰ ওচৰত আবেদন নিবেদন জনাই অহাৰ ফলতে জিলা প্ৰশাসনে জনমত সংগ্ৰহ কৰিবলৈ বাধ্য হৈ পৰে । বিলাতী সুৰাৰ বিপনীৰ বিৰুদ্ধে ডিগাৰুবাসী ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভ তথা অসন্তুষ্টিৰ সন্দৰ্ভত বুজ ল’বলৈ যোৱা কালি ডিমৰীয়া সম-জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সহকাৰী সম-জিলা আয়ুক্তৰ লগতে জিলা আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা দলে ডিগাৰুৰ প্ৰস্তাবিত বিলাতী সুৰাৰ বিপনী স্থাপন হ’বলগীয়া স্থানত উপস্থিত হয়। প্ৰশাসনৰ দলটোয়ে উপস্থিত হৈয়েই ডিগাৰুবাসী ৰাইজৰ মতামত সংগ্ৰহ কৰে । স্থানীয় ৰাইজে জিলা প্ৰশাসনক স্পষ্টভাৱে জনাই দিয়ে কোনো পধ্যেই মানি নলয় ডিগাৰুত বিলাতী সুৰাৰ বিপনী স্থাপন কৰিব বিচৰা কাৰ্যক । বিলাতী সুৰাৰ বিপনী স্থাপন হ’লে অঞ্চলটোত সামাজিক অশান্তি বৃদ্ধি পোৱাৰ লগতে যুৱ প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা অতিকৈ বেছি হ’ব বুলি মতপোষণ কৰে । ৰাইজে এই আশংকা ব্যক্ত কৰে যি সময়ত ডিগাৰু অঞ্চলত অবৈধভাৱে বিক্ৰী হোৱা বিলাতী সুৰা লুকাই চুৰকৈ সেৱন কৰা লোকে হাই কাজিয়া মাৰপিটকে ধৰি সামাজিক অশান্তি সৃষ্টি কৰি আহিছে তেনেক্ষেত্ৰত বৈধতা প্ৰদান কৰা বিলাতী সুৰাৰ বিপনী স্থাপন হ’লে অঞ্চলটোত কেইবাগুণো সামাজিক অশান্তি তথা অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাব । বিলাতী সুৰাৰ বিপনী স্থাপনৰ ঘোৰ বিৰোধিতা কৰা স্থানীয় ৰাইজৰ মতামত সংগ্ৰহ কৰাৰ পিছত ডিমৰীয়া সম জিলাৰ সহকাৰী আয়ুক্ত আৰু জিলা আবকাৰী বিভাগৰ বিষয়াসকলে ডিগাৰুৰ স্থানীয় ৰাইজক আশ্বাস দিয়ে সংগৃহীত জনমতৰ ওপৰত ভিত্তি কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব ।
ৰাইজে ঐক্যবদ্ধভাৱে বিলাতী সুৰাৰ বিপনী স্থাপন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ তথা প্ৰশাসনৰ ওচৰত আপত্তি দৰ্শোৱাৰ ফলশ্ৰুতিত জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে তৎপৰতাত প্ৰদৰ্শন কৰি জনমত সংগ্ৰহ কৰিবলৈ বাধ্য হোৱা বুলি বহুতে মতপোষণ কৰাৰ লগতে এই কথাও দুখেৰে আক্ষেপ প্ৰকাশ কৰে যে নতুনকৈ ডিমৰীয়া বিধানসভা সমষ্টি গঠন হোৱাৰ পিছতে ডিমৰীয়া অঞ্চলত অতি কম সময়ৰ ভিতৰতে দহখনতকৈও বেছি বিলাতী সুৰাৰ বিপনী স্থাপন হল । সমান্তৰালভাৱে আকৌ কেইবাখনো নতুনকৈ বিলাতী সুৰাৰ বিপনী খোলাৰ বাবে যাবতীয় প্ৰস্তুতি চলাইছে । ডিমৰীয়াত অভিলেখ সংখ্যক বিলাতী সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰি চৰকাৰে ডিমৰীয়াক সুৰাৰ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত কৰাৰ কিবা পৰিকল্পনা আছে নেকি বুলি ৰাইজৰ মাজত প্ৰশ্ন জাগিছে । এইদৰে বিলাতী সুৰাৰ বিপনী স্থাপন কৰিব বিচৰা কাৰ্যই অনাগত দিনৰ ডিমৰীয়া অঞ্চলৰ বাবে অশনিৰ সংকেত বুলি সাধাৰণ ৰাইজে ক’ব খোজে । এতিয়া সাধাৰণ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে কাৰ আশীৰ্বাদত কাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ডিমৰীয়া অঞ্চলত সাধাৰণ পাণ দোকান খোলাৰ দৰে হকে বিহকে জধে মধে বিলাতী সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰা প্ৰক্ৰিয়া চলি আছে ? এনে প্ৰশ্নৰ উত্তৰ জিলা প্ৰশাসন , আবকাৰী বিভাগৰ লগতে নতুনকৈ ডিমৰীয়া সমষ্টিৰ বিধায়ক হোৱা ড° তপন দাসে দিব লাগিব সাধাৰণ ৰাইজক ।

Leave a Reply

Your email address will not be published. Required fields are marked *