ডিমৰীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে জয়শ্ৰী বড়োৱে । সপ্তম ৰাষ্ট্ৰীয় মুৱাইথাই চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন

যুগ বাৰ্তা ১১ জুন === উত্তৰাখণ্ডত অনুষ্ঠিত হৈ যোৱা সপ্তম ৰাষ্ট্ৰীয় মুৱায়থাই চেম্পিয়নশ্বিপত সোণাপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী জয়শ্ৰী বড়োৱে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দেশৰ ভিতৰত একত্ৰিশ খন ৰাজ্যৰ পৰা প্ৰায় আঠশ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা সপ্তম ৰাষ্ট্ৰীয় মুৱায়থাই চেম্পিয়নশ্বিপ উত্তৰাখণ্ডত অনুষ্ঠিত হৈ যায় ।‌ যোৱা ১ জূন পৰা ৪ জুনলৈ উত্তৰাখণ্ডৰ হলদওৱানীত স্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় খেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অসমৰ হৈ তেৱান্নজন মুৱাইথাই খেলুৱৈয়ে অংশগ্ৰহণ কৰে । অসমৰ খেলুৱৈ সকলৰ ভিতৰত তিনিজন আছিল ডিমৰীয়া অঞ্চলৰ । ভাৰতৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈহকলে মুৱাইথাই খেলত অংশগ্ৰহণ কৰি নিজৰ কৌশল আৰু প্ৰতিভাৰ প্ৰদৰ্শন কৰে । দক্ষ খেলুৱৈ সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ডিমৰীয়া অঞ্চলৰ ডিগাৰু বটাকুছিৰ জীয়ৰী জয়শ্ৰী বড়োৱে পঞ্চাশ কেজি ওজনৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক অৰ্জন কৰে।‌ সোণৰ পদক অৰ্জন কৰি সগৌৰৱে ডিগাৰু বটাকুছিৰ নিজ বাসগৃহত আজি জয়শ্ৰী বড়োৱে উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোত আনন উল্লাসৰ বন্যা বোৱা পৰিলক্ষিত হয়। সোণৰ পদক অৰ্জনেৰে জয়শ্ৰী বড়োৱে অসমৰ লগতে ডিমৰীয়া অঞ্চললৈ সুনাম তথা গৌৰৱ কঢ়িয়াই অনাৰ খৱৰ পোৱাৰ মাত্ৰকে অঞ্চলটো ৰাইজ , দ’ল সংগঠনৰ সদস্যসকলে আজি জয়শ্ৰী বড়োৰ বাসগৃহত উপস্থিত হৈ খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনায় । বটাকুছি নিবাসী সবিতা বড়ো আৰু প্ৰয়াত প্ৰবীন চন্দ্ৰ বড়োৰ সুযোগ্য সন্তান জয়শ্ৰী বড়োৱে কয় যে প্ৰশিক্ষক প্ৰতাপ ৰাহাঙ আৰু কণক বড়োৰ তত্বাৱধানত নিয়মীয়া অনুশীলন তথা পৰামৰ্শ মানি চলাৰ লগতে পৰিয়ালৰ বিশেষকৈ ককায়েক বিজিত বড়োৰ সহযোগিতাই তেওঁক এই সফলতা অৰ্জনত সহায় কৰিছে । জয়শ্ৰীয়ে লগতে কয় চলিত বৰ্ষৰ ১৭ নৱেম্বৰত ইউৰোপৰ গ্ৰীচ দেশত আন্তঃৰাষ্ট্ৰীয় মূৱাইথাই চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াব । সকলো ৰাইজৰ সহায় সহযোগিতা আৰু আৰ্শীবাদত ডিমৰীয়া অঞ্চলৰ লগতে অসম ৰাজ্য তথা দেশৰ নাম উজ্জ্বল কৰাৰ লক্ষ্য লৈ গ্ৰীচ দেশত অনুষ্ঠিত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে । আনহাতে জয়শ্ৰীৰ এই সফলতাত পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ ডিমৰীয়া অঞ্চলৰ ক্ৰীড়া প্ৰেমী ৰাইজে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *