সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু সোণাপুৰ বন বিভাগৰ যুটীয়া অভিযানত গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰী আটক

যুগ বাৰ্তা ৩০ জুন জুন ===
গোপন খবৰৰ ভিত্তিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যূৰো (WCCB) আৰু সোণাপুৰ বন বিভাগে যৌথভাৱে চলোৱা এক অতৰ্কিত অভিযানত গঁড়ৰ খৰ্গসহ তিনিজন সন্দেহজনক বন্যপ্ৰাণী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে সোণাপুৰৰ কমাৰকুছিস্থিত চেগুন বাগান ৰিজৰ্টত তিনিজন সৰবৰাহকাৰীয়ে পূৰ্বৰেপৰাই বাহৰ পাতি গঁড়ৰ খৰ্গ
অবৈধ লেনদেন কৰাৰ উদ্দেশ্যেৰে অপেক্ষা কৰি আছিল । ইফালে গোপন তথ্যৰ ভিত্তিত অভিযানকাৰী দলে ৰিজৰ্টখনত অতৰ্কিতে অভিযান চলাই হাতে-লোটে এটা গঁড়ৰ খৰ্গসহ তেওঁলোকক আটক কৰে।
ধৃত লোক তিনিজনক চন্দন নাথ, চন্দন কুমাৰ নাথ আৰু দ্বীপজ্যোতি বৰ্মন বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তদন্তত জানিব পৰা মতে, আটাইকেইজনৰ ঘৰ নলবাৰী জিলাত।
অভিযানৰ সময়ত ধৃতসকলৰ ব্যৱহৃত AS01GJ-8366 নম্বৰৰ এখন টাটা নেক্সন বাহনো জব্দ কৰা হয়। ইয়াৰ উপৰিও তদন্তকাৰী দলে এটা লেপটপ, কেইবাখনো ATM কাৰ্ড আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিছে। এই সামগ্ৰীসমূহৰ জৰিয়তে বৃহৎ সৰবৰাহ চক্ৰৰ সৈতে জড়িত থকাৰ সম্ভাৱনাক কেন্দ্ৰ কৰি তদন্ত আগবঢ়োৱা হৈছে।
বন বিভাগৰ সূত্ৰই জনোৱা মতে, জব্দ কৰা গঁড়ৰ খৰ্গটোৰ ওজন প্ৰায় ৯২০ গ্ৰাম। খৰ্গটো কেনেকৈ সংগ্ৰহ কৰা হৈছিল আৰু ইয়াক কাৰ ওচৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই দিশসমূহক লৈ WCCB আৰু বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত ধৃতসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদন্তত এই চোৰাং সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন ব্যক্তিৰ নামো পোহৰলৈ আহিব পাৰে বুলি বনবিভাগৰ বিষয়াই আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *