সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন

যুগ বাৰ্তা ৩ জুলাই === ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধিক সুসংগঠিত আৰু ফলপ্ৰসূ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে ১ জুলাই বুধবাৰে সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয় । ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসৰ পৃষ্ঠপোষকতাত, GENSHINE Civil Services Academy-ৰ উদ্যোগত আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাই অঞ্চলটোৰ উচ্চাকাঙ্ক্ষী শিক্ষাৰ্থীসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰিছে।উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত-সচিব নাৰায়ণ কোঁৱৰ। তেওঁ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সুপৰিকল্পিত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সফলতাৰ বাবে অধ্যৱসায়, নিয়মানুৱৰ্তিতা আৰু লক্ষ্যস্থিৰতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থকা ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসে কয় যে, বহু মেধাৱী শিক্ষাৰ্থীয়ে আৰ্থিক সীমাবদ্ধতাৰ বাবে উন্নত মানৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ লাভ কৰিব নোৱাৰে। সেই কথা লক্ষ্য ৰাখিয়েই এই বিনামূলীয়া এমহীয়া বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে, এই পদক্ষেপে ডিমৰীয়া অঞ্চলৰ পৰা অধিকসংখ্যক যুৱ-যুৱতীক APSC, UPSC আৰু ADRE-ৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ উৎসাহিত কৰিব।উল্লেখযোগ্য যে, কৰ্মশালাখনত ইতিমধ্যে প্ৰায় ৭০০ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে, যিয়ে এই কাৰ্যসূচীৰ প্ৰতি শিক্ষাৰ্থীসকলৰ ব্যাপক আগ্ৰহৰ প্ৰতিফলন ঘটাইছে। আনহাতে আজিৰ এই অনুষ্ঠানতে সোণাপুৰ মহাবিদ্যালয় আৰু GENSHINE Civil Services Academy-ৰ মাজত এখন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰা হয়। এই চুক্তিৰ জৰিয়তে ভৱিষ্যততো শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, ব্যক্তিত্ব বিকাশ আৰু কেৰিয়াৰমুখী কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত দুয়োটা প্ৰতিষ্ঠানে একেলগে কাম কৰাৰ পথ মুকলি হ’ল। ইফালে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদব্ৰত শইকীয়া , ডিমৰীয়া সমজিলা আয়ুক্ত কণকণ শৰ্মা, GENSHINE Civil Services Academy-ৰ বিষয়ববীয়া, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিমৰীয়া সমষ্টিত শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই উল্লেখযোগ্য পদক্ষেপে বিশেষকৈ অসামৰিক সেৱাৰ সপোন দেখা মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *