অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ প্ৰতিবাদ

যুগ বাৰ্তা ১১ জুলাই === অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ উদ্যোগত আজি ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক’লা সাজ পৰিধান কৰি কৰ্মী-সহায়িকাসকলে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি, মাননীৰ সলনি উপযুক্ত মজুৰি, নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি, ই এছ আই, পি এফ, গ্ৰেচুইটি, বিদ্যুৎ সংযোগ, গ্ৰীষ্মকালীন বন্ধ, খালী পদ পূৰণ, পদোন্নতি আৰু অৱসৰকালীন সুবিধাসহ বিভিন্ন দাবী উত্থাপন কৰে।প্ৰতিবাদকাৰীসকলে কয় যে বৰ্ধিত জীৱনযাত্ৰাৰ ব্যয়ৰ তুলনাত বৰ্তমানৰ মাননী অতি কম আৰু দীৰ্ঘদিন ধৰি কৰ্মী-সহায়িকাসকলৰ ন্যায়সংগত দাবীসমূহ চৰকাৰে পূৰণ কৰা নাই। লগতে THR বিতৰণত FRS আৰু OTP বাধ্যতামূলক কৰাৰ ফলত বহু হিতাধিকাৰী বঞ্চিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে।ইয়াৰ উপৰি ৰাজ্যৰ বহু অঙ্গনৱাড়ী কেন্দ্ৰত আন্তঃগাঁথনিৰ অভাৱ, ভাড়াৰ বকেয়া, সামগ্ৰী কঢ়িয়াই নিয়াৰ ব্যয় আৰু গ্ৰীষ্মকালীন বন্ধৰ ব্যৱস্থা নথকাৰ বিষয়তো ক্ষোভ প্ৰকাশ কৰে। শেষত ডিমৰীয়া সংহত শিশু বিকাশ আঁচনিৰ প্ৰকল্প বিষয়াৰ জৰিয়তে মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। প্ৰকল্প বিষয়াই প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ শীঘ্ৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰাৰ আশ্বাস দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *