সোণাপুৰত ৰাজ্যৰ প্ৰথম ‘জন্মদিন সেউজ শপত উদ্যান’ মুকলি : জন্মদিনত গছপুলি ৰোপণৰ নতুন সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য; ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত এনে উদ্যান স্থাপনৰ পৰিকল্পনা

যুগ বাৰ্তা ৯ জুলাই === পৰিৱেশ সংৰক্ষণৰ সৈতে জনসাধাৰণক আৱেগিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে ডিমৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলীত যোৱা ৭ জুলাই তাৰিখে ৰাজ্যৰ প্ৰথমখন ‘জন্মদিন সেউজ শপত উদ্যান’ আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। গছ-বন সংৰক্ষণৰ প্ৰতি সমাজত সজাগতা বৃদ্ধি আৰু জন্মদিন উদযাপনৰ সৈতে বৃক্ষৰোপণক সংযুক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে।
উদ্যানখন উদ্বোধন কৰি বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, পৰিৱেশ সুৰক্ষা কেৱল চৰকাৰ বা বন বিভাগৰ দায়িত্ব নহয়; ইয়াৰ সৈতে সমাজৰ প্ৰতিজন নাগৰিকক জড়িত হোৱাটো সময়ৰ দাবী। সেই উদ্দেশ্য আগত ৰাখিয়েই ‘জন্মদিন সেউজ শপত উদ্যান’ৰ ধাৰণা ৰূপায়ণ কৰা হৈছে। তেওঁ জানিবলৈ দিয়ে যে, ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত এনে এখনকৈ ‘জন্মদিন সেউজ শপত উদ্যান’ স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে, নিজৰ জন্মদিনত একোডালকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ শপত লোৱাৰ এক সুস্থ সামাজিক সংস্কৃতি গঢ়ি তোলাই এই উদ্যোগৰ মূল লক্ষ্য। ইয়াৰ ফলত জন্মদিন উদযাপন অধিক অৰ্থবহ আৰু স্মৰণীয় হোৱাৰ লগতে গছ-বন সংৰক্ষণ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
টোপাতলীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাস, বন বিভাগৰ জ্যেষ্ঠ বিষয়া, বনকৰ্মী আৰু বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে। অনুষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচীৰে ‘জন্মদিন সেউজ শপত উদ্যান’ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।
উল্লেখযোগ্য যে, এই বিশেষ কাৰ্যসূচীত সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত বনকৰ্মী বন্দনা চৌধুৰীৰ দুই বছৰীয়া কন্যা ভাস্বীকা তালুকদাৰৰ জন্মদিন উদযাপন কৰা হয়। বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কণমানি ছোৱালীজনীক লগত লৈ গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভ সূচনা কৰে। এই দৃশ্যই উপস্থিত লোকসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰে আৰু জন্মদিন উদযাপনৰ এক ব্যতিক্ৰমী বাৰ্তা বহন কৰে।
ইয়াৰ উপৰিও অনুষ্ঠানত সমুদ্ৰ হাজৰিকাই নিজৰ ৩৮ সংখ্যক আৰু ৰঞ্জিত টেৰনে ৪৫ সংখ্যক জন্মদিন উপলক্ষে একোডালকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ শপত লয়। জন্মদিন উপলক্ষে বৃক্ষৰোপণৰ এই পদক্ষেপে অনুষ্ঠানটোক অধিক অৰ্থবহ কৰি তোলে।
প্ৰকৃতি সংৰক্ষণ, সেউজীয়া অসম গঢ়া আৰু জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰা এই ব্যতিক্ৰমী পদক্ষেপে ৰাজ্যজুৰি এক নতুন সামাজিক আন্দোলনৰ সূচনা কৰিব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত দায়িত্ববোধ জাগ্ৰত কৰাৰ লগতে জন্মদিন উদযাপনৰ এক ইতিবাচক আৰু সমাজমুখী ধাৰা গঢ়ি তোলাত ‘জন্মদিন সেউজ শপত উদ্যান’ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি মত প্ৰকাশ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *