বাৰ্তা ২৪ মে === সোণাপুৰৰ যোগদলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ডিমৰীয়াৰ ১২ টা জাতীয় দল সংগঠনৰ আহ্বানত স্থানীয় লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন জলন্ত সমস্যা সমূহৰ সমাধান বিচাৰি নাগৰিক সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ উদ্যোগত ডিমৰীয়াৰ ১২ টাকৈ জাতীয় সংগঠনে ডিমৰীয়া বাসী ৰাইজৰ সহযোগত ডিমৰীয়াৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দীৰ্ঘ দিন ধৰি গণতান্ত্ৰিক ভাৱে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বিগত কালছোৱাত কিছু সফল হ’লেও আজি পৰ্যন্ত বহু সমস্যাৰে ডিমৰীয়া বাসী ৰাইজ জৰ্জৰিত হৈ আছে । যাৰ বাবে আজি কেইটামান অতি স্পৰ্শকাতৰ সমস্যা সমাধানৰ সুত্ৰ বিচাৰি নাগৰিক সভা খন অনুষ্ঠিত হয়।।বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰঃহাঙৰ সভাপতিত্বত অনুস্থিত সভাত সমাজ সেৱক নামেশ্বৰ বড়ো, অজয় ইংতি, মথুৰা নাথ, জীতেন্দ্ৰ মোহন শৰ্মা, নবিনচন ক্ৰ, সোণ বৰা , ৰাতুল কুমাৰ কাকতি, মঞ্জু ডেকা, স্বপ্না পাটৰ, বৈকুণ্ঠ নাথ, অসম মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী অসমী গগৈ, আফতাব হুছেইন আদিয়ে উপস্থিত থাকাৰ লগতে সভাখনত উপস্থিত থাকে বিভিন্ন ৰাজনৈতিক দল, সামাজিক সংগঠন , জাতীয় ছাত্ৰ সংগঠন আদিৰ বিষয়ববীয়া সকল । নাগৰিক সভাত উপস্থিত বক্তাসকলে মূল সমস্যা সমূহ বিশেষকৈ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰই যুগ যুগ ধৰি কেইবা বিঘা ভূমি দখলভোগ কৰি আছিল সেইবোৰ তথ্য লেণ্ড বেংকৰ জৰিয়তে সংগ্ৰহ কৰি ৰাইজক মাত্ৰ এক কঠা পাঁচ লেছা ভূমি প্ৰদান কৰি বাকী থকা ভূমি খিনিৰ অধিকাৰৰ পৰা বসুন্ধৰা আঁচনিৰ জৰিয়তে বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত কৰে , ২০১৬ চনৰ গোলমলীয়া খোৱা পানীৰ প্ৰকল্প আৰু প্ৰকল্প নিৰ্মাণৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছতো আজিলৈকে খোৱা পানীৰ কোনো কাৰ্যকৰী নোহোৱাত ক্ষোভ প্ৰকাশ কৰে নাগৰিক সভাত উপস্থিত থকা বক্তাসকলে , ২০০ খন বিছনা যুক্ত সোণাপুৰ ৰাজ্যিক চিকিৎসালয় আৰু ৩০ খন বিছনা যুক্ত ক্ষেত্ৰীৰ চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে ডিমৰীয়া বাসী ৰাইজে উন্নত চিকিৎসাটো বাদেই প্ৰাথমিক চিকিৎসাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ তোলায়েই নহয় চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰী তথা চিকিৎসক সকলে ৰোগীৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে বক্তাসকলে , ঠিক তেনেদৰে জনজাতীয় আবেষ্টনীত প্ৰদূষণ যুক্ত কল- কাৰখানা স্থাপন কৰা কাৰ্যৰ বিৰোধিতা কৰে তাৰোপৰি সোণাপুৰৰ টোল গেট পৰিচালনা কৰা বহিৰাগত লোকে টোল কৰ সংগ্ৰহৰ নামত স্থানীয় লোকৰ ওপৰত দেখুওৱা দাদাগিৰীত তথা মইমতালিত অতিষ্ঠ হোৱা ডিমৰীয়া বাসী ৰাইজে নাগৰিক সভাত ক্ষোভ ব্যক্ত কৰে । কাঠফুলাৰ দৰে ডিমৰীয়াত গঢ়ি উঠা বিদেশী সুৰাৰ বিপনীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে বক্তাসকলে , আনহাতে নাগৰিক সভাত ডিমৰীয়া সমষ্টিৰ অধীনত থকা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাৰ্কাং , কাঠৰ , পিঠাগোগ , বান্দৰগোগ , আদি গাওঁ সমূহত যুগ যুগ ধৰি বসবাস কৰি থকা জনজাতীয় লোকসকলৰ জমিত জৰীপ কৰি চৰকাৰে গ্ৰহণ কৰিব বিচৰা ” প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ” প্ৰক্ৰিয়াটোক চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সংৰক্ষিত বনাঞ্চল প্ৰস্তাৱক গ্ৰহণ কৰিব বিচৰা নাই ডিমৰীয়াৰ ১২ টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্বই তথা সভাত উপস্থিত থকা সচেতন ৰাইজে । সভাৰ শেষত উপস্থিত সকলো দ’ল সংগঠন আৰু নাগৰিক সমাজে একমত প্ৰকাশ কৰি চৰকাৰক এই সমস্যা সমূহ সমাধান কৰাৰ বাবে দাবী জনাই অহা দুদিনৰ ভিতৰত ডিমৰীয়া সম জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । ডিমৰীয়া বাসী ৰাইজৰ জলন্ত সমস্যা সমূহ সমাধান কৰাত ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক দিনত বৃহত্তৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
ডিমৰীয়া অঞ্চলৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ উদ্দেশ্যেৰে জাতীয় দল সংগঠনৰ উদ্যোগত নাগৰিক সভা


