সোণাপুৰত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

যুগ বাৰ্তা , ২২ জুন === “সুস্থ বাৰ্ধক্যৰ বাবে যোগ”। মূল বিষয় হিচাপে লৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎসাহ – উদ্দীপনাৰে পালন কৰা হয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমে এই কাৰ্যসূচী আয়োজন কৰে সোণাপুৰৰ কমাৰকুছিস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান ( LNIP ) ৰ ইণ্ডোৰ ষ্টেডিয়ামত । পুৱা ৬ -৩০ বজাত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ বন পৰিৱেশ আৰু বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড ° তপন দাস । যোগ দিৱস কাৰ্যসূচীত উপস্থিত থাকি যোগ অভ্যাস কৰাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষণত যোগৰ গুৰুত্ব উল্লেখ কৰি কয় যে প্ৰতিজন ব্যক্তিয়ে যোগাভ্যাসক নিজৰ দৈনিক কাৰ্যসূচীৰ ভিতৰত কৰিব লাগে । নিয়মীয়া যোগাসন কৰি সুস্থ শাৰীৰিক , সুস্থ মন আৰু সুস্থ আধ্যাত্মিক বাতাৱৰণত থাকিবলৈ চেষ্টা কৰিব লাগে ।কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক লোকৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটো অধিক সজীৱ কৰি তোলে। উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হৈছে, যাৰ জৰিয়তে যোগৰ প্ৰতি ৰাইজৰ মাজত আগ্ৰহ বৃদ্ধিৰ এক প্ৰয়াস কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *