যুগ বাৰ্তা ১৫ জুন: ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱত কালি নিশা ১১ মান বজাত মতা পাহাৰৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে নামি অহাত গাওঁবাসীৰ ৰাইজে আলু ব’ম, ফটকা ফুটাই হাতীটোক পাহাৰৰ ফালে খেদি পঠিয়ায়। হাতীটোৱে পুনৰ আহিব পাাৰে বুলি কমল বসুমতাৰী আৰু ভৱানী বসুমতাৰী নামৰ দম্পতীহালে নিশা ভালদৰে শুব পৰা নাছিল। তেনেতে পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত ছিলমিলকৈ টোপনি অহাৰ সময়তে পুনৰ তেওঁলোকৰ ঘৰৰ জেওৰা ভাঙি ঘৰৰ ভিতৰলৈ হাতীটোৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত ঘৰৰ বেৰটো ঠেলি দিয়াত সামান্যাভাৱে হালি যায় আৰু তেওঁলোকৰ শুৱনি কোঠাৰ ভিতৰলৈ শুৰ ডাল সুমুৱাই দিয়াত হাতীটোৱে ঘৰৰ কাষত থকা খাল এটাত পিছলি যোৱাৰ শব্দ শুনা পাই আৰু তেওঁলোক ততালিকে সাৰ পাই অন্য দৰ্জায়েদি ওলাই গৈ দুয়োজনৰ জীৱন ৰক্ষা পৰে বুলি দম্পতীহালে জানিবলৈ দিয়ে। উল্লেখ্য যে সঘনে মতা পাহাৰৰ পৰা নামি অহা বন্য হস্তীয়ে এনেদৰে তেওঁলোকৰ জীৱন বিপদজনক কৰি তুলিছে বুলি অতি দুখেৰে জনায়। এইক্ষেত্ৰত এতিয়ালৈকে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে যোৱা নিশা তেতেলীগুৰিতো বন্য হস্তীয়ে এঘৰ মানুহৰ পকী দেৱাল ভঙাৰ বাতৰি পোৱা গৈছে।
ক্ষেত্ৰীৰ নোৱাগাঁৱত বন্য হস্তীৰ সন্ত্ৰাস


