Headlines

সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদ মেল সংবাদ স্মাৰ্ট চিটি বনোৱাৰ নামত খিলঞ্জীয়া লোকে বসবাস কৰা ভূমিত উচ্ছেদ অভিযানৰ বন্ধ কৰাৰ দাবী

১৫ মে === ডিমৰীয়াৰ টোপাতলীত সদৌ তিৱা ছাত্ৰ সন্থাই সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদ মেল অনুষ্ঠিত কৰি তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই উল্লেখ কৰে যে সদৌ তিৱা ছাত্র সন্থা আৰু জাতীয় সংগঠন সমূহৰ দীঘদিনীয়া মূল দাবী তিয়া স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভূক্ত কৰা। সন্থাই ৩৬ টা বৰ্ষৰ আন্দোলনৰ ফলত যোৱা ইংৰাজী ২৫ ডিচেম্বৰ,…

Read Full News

সোণাপুৰত ৰাজ্যৰ প্ৰথম ‘জন্মদিন সেউজ শপত উদ্যান’ মুকলি : জন্মদিনত গছপুলি ৰোপণৰ নতুন সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য; ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত এনে উদ্যান স্থাপনৰ পৰিকল্পনা

যুগ বাৰ্তা ৯ জুলাই === পৰিৱেশ সংৰক্ষণৰ সৈতে জনসাধাৰণক আৱেগিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে ডিমৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলীত যোৱা ৭ জুলাই তাৰিখে ৰাজ্যৰ প্ৰথমখন ‘জন্মদিন সেউজ শপত উদ্যান’ আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। গছ-বন সংৰক্ষণৰ প্ৰতি সমাজত সজাগতা বৃদ্ধি আৰু জন্মদিন উদযাপনৰ সৈতে বৃক্ষৰোপণক সংযুক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে এই অভিনৱ…

Read Full News

সোণাপুৰৰ মালয়বাৰীত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সোঁৱৰণত ” জীপাল সন্ধিয়া “

যুগ বাৰ্তা, জুন = কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ মালয়বাৰীত যোৱা কালি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি ” জীপাল সন্ধিয়া ” উল্লেখযোগ্য যে চিকমিক তৰাৰ উদ্যোগত মালয়বাৰীৰ জনতা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জীপাল সন্ধিয়া উপভোগ কৰিবলৈ অহা বহু সংখ্যক ৰাইজ তথা জুবিন অনুৰাগীৰ উপস্থিতিয়ে অনুষ্ঠানটো উৎসৱমুখৰ পৰিৱেশ…

Read Full News

সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন

যুগ বাৰ্তা ৩ জুলাই === ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধিক সুসংগঠিত আৰু ফলপ্ৰসূ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে ১ জুলাই বুধবাৰে সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয় । ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসৰ পৃষ্ঠপোষকতাত, GENSHINE Civil Services Academy-ৰ উদ্যোগত আৰু…

Read Full News

অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ প্ৰতিবাদ

যুগ বাৰ্তা ১১ জুলাই === অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ উদ্যোগত আজি ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক’লা সাজ পৰিধান কৰি কৰ্মী-সহায়িকাসকলে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি, মাননীৰ সলনি উপযুক্ত মজুৰি, নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি, ই এছ আই, পি এফ, গ্ৰেচুইটি, বিদ্যুৎ…

Read Full News

৭ জন নিৰীহৰ মৃত্যুৰ পাছতো নাজিৰাখাট টোলগেটত অব্যাহত টোল সংগ্ৰহঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী — প্ৰতিবাদী ছাত্ৰ নেতা ৰিংকু ডেকাক আটক

১ ছেপ্টেম্বৰ=== সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত টোল সংগ্ৰহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত সাতজন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতো টোলগেটত টোল সংগ্ৰহ অব্যাহত ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।উল্লেখ্য যে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্পূৰ্ণৰূপে আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে মেৰামতি…

Read Full News

সোণাপুৰৰ কুশল নগৰত দিন দুপৰতে দুৰ্ধৰ্ষ চুৰি; তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুট

যুগ বাৰ্তা ২৯ জুলাই === মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ কুশল নগৰ নৱ পথত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ গৰাকী অনুপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰি যোৱা ২৭ জুলাইত অজ্ঞাত দুৰ্বৃত্তই ঘৰৰ তলা ভাঙি প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটি লৈ পলায়ন কৰে। জানিব পৰা মতে, ঘৰৰ…

Read Full News

বি এছ ইৰ দ্বাদশৰ পৰীক্ষাত ১০০ শতাংশ পৰীক্ষার্থী উত্তীর্ণ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উজ্বলি উঠিল সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুল

চি বি এছ ই১৪ মে === চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১০০ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰ ফলাফলে সোণাপুৰস্হিত ৰেডিয়েন্ট ইন্টাৰনেছনেল স্কুলত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে । বিদ্যালয় খনৰ ৩৭ জন ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্রদর্শন দেখুৱাই সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । ভাল ফলাফল দেখুৱা ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত ১০ জনে ডিষ্টিংচন লাভ কৰে। সৰ্বোচ্চ নম্বৰ…

Read Full News

ডিমৰীয়াবাসী ৰাইজে কোনো কাৰণতে ডিমৰীয়াক সুৰাৰ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ’ব নিদিয়ে

যুগ বাৰ্তা ১১ জুন === ডিগাৰুৰ মাজ মজিয়াত বিলাতী সুৰাৰ বিপনী কেন্দ্ৰ বাতিলৰ দাবীত ডিগাৰুবাসী ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গৰজি উঠাৰ পিছদিনাই অৰ্থাৎ ৮ জুনত জনমত সংগ্ৰহৰ উদ্দেশ্যেৰে ডিগাৰুত উপস্থিত জিলা প্ৰশাসন । উল্লেখযোগ্য যে নীতি বহিৰ্ভূত ভাৱে ডিমৰীয়া অঞ্চলত বিশেষকৈ যোগদল , ডিগাৰু , বৰখাট , নতুন বজাৰ আদি ঠাইত নতুনকৈ বিলাতী সুৰাৰ…

Read Full News

ডিমৰীয়াত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালকৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ অভিযান

যুগ বাৰ্তা ১ জুন === ক্ষেত্ৰীৰ হেলাগোগ অঞ্চলত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ অবৈধ ভাৱে পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা থাইলেণ্ড মাগুৰ মাছ ক্ষেত্ৰীৰ হেলাপোগত জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে পালন কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দ’ল সংগঠনৰ সদস্যই সাংগঠনিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মীন…

Read Full News