যুগ বাৰ্তা 22 মে == সোণাপুৰ নাজিৰাখাত টোলগেটত আজি পুৱাই দুখনকৈ গৰু ভৰ্তি মেস্কিম বাহন জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে । নিশ্চিত তথ্যৰ ভিত্তিত বৃহত্তৰ ডিমৰীয়া সন্মিলনত যুৱ শক্তি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তাই সোণাপুৰৰ টোলগেটত AS01 UC 2231 আৰু AS01 TC 8559 নম্বৰৰ দুখন বাহনৰ পৰা ১১ টা কৈ গোধন উদ্ধাৰ কৰে । আনহাতে সংগঠনটোৰ কৰ্মকৰ্তাই লগে লগে গোধন উদ্ধাৰ হোৱা কাৰ্য সম্পৰ্কত সোণাপুৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে খৱৰ পোৱা মাত্ৰকে যথা স্থানত উপস্থিত হৈ গোধন সৰবৰাহ কাৰ্যৰ সৈতে জড়িত দুখনকৈ মেস্কিম বাহনসহ ১১ টাকৈ গোধন নিজৰ জিম্মাত লয় লগতে বাহন দুখনৰ চালক ক্ৰমে সোণাপুৰ হাটখোলাৰ আনোৱাৰ আলি (৪৭) আৰু আনিফ আলি (২২ ) ক গ্ৰেপ্তাৰ কৰি গোধন সৰবৰাহৰ সম্পৰ্কত অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে । জানিব পৰা মতে মৰিগাওঁৰ পৰা মেঘালয়লৈ নিতৌ আৰক্ষীৰ চকুত ধূলি দি কেইবাটাও আৰক্ষীৰ চকি পাৰ কৰি সৰবৰাহ কৰি আহিছে গো ধন। সোণাপুৰৰ জনৈক হুছেইন , আহমেদ উপাধিধাৰী লোকৰ লগতে মৰিগাওঁৰ ধিঙ আৰু যোৰাবাট ৯ মাইলৰ এটা চিণ্ডিকেট চক্ৰই নিতৌ সৰু সৰু বাহনেৰে সৰবৰাহ কৰি আহিছে গোধন। অবৈধ ভাৱে গোধন সৰবৰাহ কৰাৰ বাবে লোক চাক্ষুসত ধৰা নপৰিবলৈ বাহন সমূহ এক বিশেষ কায়দাৰে তৈয়াৰ কৰি লয়। গো সুৰক্ষা অভিযান চলি থকাৰ মাজতেই কাৰ আশীৰ্বাদত ৰাজ্যত গোধন সৰবৰাহ অব্যাহত ৰাখিবলৈ সাহস পাইছে।
সোণাপুৰৰ টোল গেটত অবৈধ গোধন সৰবৰাহ কৰা বাহন জব্দ


