Headlines

উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপন

যুগ বাৰ্তা ১৫ মে === বৃহত্তৰ সোণাপুৰৰ ৰাইজৰ বহু সপোন , উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপনদৈনন্দিন বাৰ্তা , সোণাহেপাঁহ আৰু অক্লান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিত১৯৫২ চনৰ ১৫ মে তাৰিখৰ জন্যলগৰ পৰা বিদ্যালয় খনিয়ে ১৫ মে ২০২৬ তাৰিখত ৭৫ বৰ্ষ গৰকিল । পয়সত্তৰ বছৰীয়া ঐতিহাসিক এই শুভ ক্ষণটোক স্মৰণীয় আৰু সজীৱ কৰি ৰাখিবলৈ২০২৬ – ২৭ শৈক্ষিক…

Read More

মৰকদোলাত আৰক্ষীৰ গুলীত দুই সন্দেহযুক্ত গাড়ী চোৰ নিহত চুৰি কৰা বাহনেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে নাকা চেকিঙত আৰক্ষীৰে গুলিয়াগুলি

দৈনন্দিন বা ৩ ছেপ্টেম্বৰ === সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰকদোলাত বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত এক গুলিয়াগুলিৰ ঘটনাত দুজন সন্দেহযুক্ত গাড়ী চোৰ নিহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ অভিযানৰ মাজতে সংঘটিত এই ঘটনাত আন এজন সন্দেহযুক্ত গাড়ী চোৰ পলাই যাবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাৰ সমীপৰ পৰা…

Read More

তেতেলীয়াৰ ভৰাগাঁৱৰ শোকাৱহ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৭ দিনৰ ভিতৰত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতিৰ কঠোৰ নিৰ্দেশপথ মেৰামতি নকৰালৈকে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধৰ সিদ্ধান্ত

৩১ আগষ্ট === কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াৰ ভৰাগাঁৱত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ।দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে বহু নিশালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰতিবাদ সাব্যস্ত…

Read More

ক্ষেত্ৰী আৰক্ষী থানাৰ চৌহদ উত্তপ্ত পৰিস্থিতি হত্যাকাৰীক এনকাউণ্টাৰ কৰাৰ দাবী জনাই ঔজাৰী গাঁৱৰ ৰাইজে

যুগ বাৰ্তা ১০ জুন === ক্ষেত্ৰী থানাৰ অন্তৰ্গত এক নং ঔজাৰীৰ যুৱতী সুস্মিতা মণ্ডলক অতি নৃশংসভাৱে হত্যা কৰা মূল অভিযুক্ত বিপুল মল্লিকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি ক্ষেত্ৰী থানাৰ চৌহদ ঔজাৰীৰ ৰাইজে উত্তপ্ত কৰি তোলে । উল্লেখযোগ্য যে যোৱা ৪ জুনত নিশা গাঁও ডিমৰীয়াৰ পথাৰৰ পৰা উদ্ধাৰ হৈছিল সুস্মিতা মণ্ডলৰ মৃতদেহ। পৰিকল্পিত ভাৱে সুস্মিতা মণ্ডলক…

Read More

সোণাপুৰত ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসৰ সম্বৰ্ধনা অনুষ্ঠান ; উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা , বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি

যুগ বাৰ্তা ১৭ মে == সোণাপুৰৰ বালিগেট স্থিত ড° ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে আজি নৱনিৰ্বাচিত বিধায়ক ড° তপন দাসক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । সমষ্টি পুনৰ গঠন হোৱাত দিশপুৰ সমষ্টিটোক দুটা ভাগত বিভক্ত কৰি নতুনকৈ ডিমৰীয়া বিধানসভা সমষ্টি গঠন কৰা হয় । এই নতুন ৩৪ নং ডিমৰীয়া বিধানসভা…

Read More

সোণাপুৰৰ টোল গেটত অবৈধ গোধন সৰবৰাহ কৰা বাহন জব্দ

যুগ বাৰ্তা 22 মে == সোণাপুৰ নাজিৰাখাত টোলগেটত আজি পুৱাই দুখনকৈ গৰু ভৰ্তি মেস্কিম বাহন জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে । নিশ্চিত তথ্যৰ ভিত্তিত বৃহত্তৰ ডিমৰীয়া সন্মিলনত যুৱ শক্তি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তাই সোণাপুৰৰ টোলগেটত AS01 UC 2231 আৰু AS01 TC 8559 নম্বৰৰ দুখন বাহনৰ পৰা ১১ টা কৈ গোধন উদ্ধাৰ কৰে । আনহাতে সংগঠনটোৰ কৰ্মকৰ্তাই…

Read More

নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ

৪ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ সন্ধিয়া নলগেদেৰাত সংঘটিত…

Read More

হত্যাকাৰীক ফাঁচী দিয়াৰ দাৱী জনায় ক্ষেত্ৰী থানাত উত্তাল প্ৰতিবাদ। ঘাটকৰ স্বীকাৰোক্তি সোতৰবাৰকৈ চুৰিৰে আঘাট কৰি যুৱতীক হত্যা

যুগ বাৰ্তা ৭জুন === সুস্মিতা মণ্ডল নামৰ এগৰাকী যুৱতীক অতি নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীক ফাঁচী দিয়াৰ দাৱী জনায় আজি দিনৰ এক বজাত ক্ষেত্ৰী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাওঁ ডিমৰীয়াৰ ৰাইজে । উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে সন্ধিয়া গাওঁ ডিমৰীয়াৰ এক নিৰ্জন পথাৰৰ মাজত এগৰাকী যুৱতীক মৃত অৱস্থাত পৰি থকা দেখা পায় গাঁৱৰে এজন লোকে ।…

Read More

সোণাপুৰত ESIC মেডিকেল কলেজ আৰু হস্পিতালৰ উদ্যোগত আয়োজন বিনামূলীয়া স্বাস্থ্য চিকিৎসা সেৱা শিবিৰ।

যুগ বাৰ্তা , ৯ মে == আজি সোণাপুৰৰ ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ESIC মেডিকেল কলেজ আৰু হস্পিতালৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় । ” ফেমেলি এডাপশ্বন প্ৰগ্ৰেম ” ৰ অধীনত সোণাপুৰৰ ৰূপনগৰ আৰু শান্তিনগৰ বাসী ৰাইজক বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে আজি দিনযোৰা চিকিৎসা সেৱাৰ কাৰ্যসূচীৰে ESIC…

Read More

সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

যুৱ বাৰ্তা , ১৫ জুনঃ বিগত বছৰৰ দৰে এইবছৰো ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত ২০২৬ বৰ্ষৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডিমৰীয়া অঞ্চলৰ জনজাতীয় ১৬৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোণাপুৰৰ ট্ৰাইচেম প্ৰেক্ষাগৃহত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ স্থায়ী সভাপতি…

Read More