যুগ বাৰ্তা ১৫ মে === বৃহত্তৰ ডিমৰীয়া অঞ্চলত স্থাপন হোৱা বিদেশী সুৰা বিপনী সন্দর্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে তিনি জাতীয় সংগঠনে।কোচ-ৰাজবংশী ছাত্ৰ সন্থা, গুৱাহাটী মহানগৰ জিলা সমিতি, অসম চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি, সদৌ তিৱা ছাত্ৰ সন্থাই ডিমৰীয়া সমজিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে স্মাৰক পত্ৰ । স্মাৰক পত্ৰত সংগঠন কেইটাই উল্লেখ কৰে যে বৃহত্তৰ ডিমৰীয়া অঞ্চলত ড্রাগছ , অন্যান্য মাদক দ্রব্য প্রচলনৰ ফলত বিভিন্ন অসামাজিক কাৰ্য্যকলাপ বৃদ্ধি পাব ধৰিছে। আবকাৰী বিভাগে অঞ্চলটোত জধে-মধে বিদেশী সুৰাৰ বিপনী খোলাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিব ধৰিছে। ডিমৰীয়া অঞ্চলটোত বিদেশী সুৰাৰ পৰ্য্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব ধৰিছে । অসম এক্সচাইজ এক্ট ২০০০ সম্পূর্ণরূপে উলংঘন কৰি ডিগাৰু গেট, বালিগেট, ভকুৱাগোগ, যোগদল, কলংপাৰ, ক্ষেত্ৰী, আমচিং যোৰাবাট লগতে সোণাপুৰত প্রতিস্থিত ধাবা ৰিজৰ্ট সমূহত বাৰ, বিদেশী সুৰাৰ বিপনী খোলাৰ অনুমতি দিয়াৰ ফলত আজি-কালি ডিগাৰু গেট, বালিগেট আদি স্থান সমূহত নিশা ১০ বজাৰ পিছত সাধাৰণ ৰাইজৰ চলা-ফুৰাত জীৱন সংকতৰ সন্মুখীন হব লগা হৈছে। ইয়াৰ উপৰিও নতুনকৈ ডিগাৰু তিনিআলী, যোগদল তিনিআলী আদি ডিমৰীয়াৰ কেইবাখনো গাওঁত সুৰাৰ বিপনী খোলাৰ বাবে চৰকাৰে প্ৰস্তাৱ লৈছে। প্ৰস্তাৱ লোৱা সকলো স্থানৰ ওচৰত বিদ্যালয়, ধর্মীয় অনুষ্ঠান, শিশু বিকাশ কেন্দ্ৰ আদি থকাৰ পাছতো কেনেকৈ চৰকাৰী আইন ভঙ্গ কৰি আবকাৰী বিভাগে অনুজ্ঞা পত্র প্রদান কৰিলে বুলি স্মাৰক পত্ৰত উল্লেখ কৰে। আনহাতে স্মাৰক পত্ৰৰ জৰিয়তে জিলা উপায়ুক্তৰ ওচৰত উত্থাপন কৰা দাবী সমূহ হৈছে (১) সুৰাৰ বিপনী সমূহৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে অতি শীঘ্ৰে পুনৰ নিৰীক্ষণ আৰু তদন্ত কৰিব লাগে (২) ডিমৰীয়া অঞ্চলত স্থাপন কৰা সুৰাৰ বিপনী সন্দৰ্ভত ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিব লাগে । (৩) প্ৰস্তাৱিত ডিগাৰু আৰু যোগদলৰ বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ কোনো কাৰণতে প্ৰদান কৰা নহয় । কামৰূপ মহানগৰ জিলাৰ আয়ুক্তলৈ ডিমৰীয়া সম জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰাৰ সমান্তৰালকৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ আবকাৰী কমিচনাৰ আৰু কামৰূপ মহানগৰ জিলা আবকাৰী অধীক্ষকলৈ প্ৰেৰণ কৰে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সোণ বৰাৰ নেতৃত্বত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা , অসম চাহ জনজাতি ছাত্ৰ সন্থা , সদৌ তিৱা ছাত্ৰ সন্থা , সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ প্ৰতিনিধিৰ দলে স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী সমাপন কৰে । অঞ্চলটোৰ এক সচেতন সংগঠন আৰু ব্যক্তি হিচাপেসামাজিক নিৰাপত্তা, শান্তি, উঠি অহা প্ৰজন্মৰ ভৱিষ্যত জীৱন গঠনৰ ওপৰত উপৰোক্তকাৰকে বৰবিহ নিচিনা হৈ পৰিব। গতিকে সুৰাৰ বিপনীসমূহৰ অতি শীঘ্ৰে পুনৰনিৰীক্ষণ, তদন্ত, ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিব লাগে। লগতে প্ৰস্তাৱিত ডিগাৰু আৰুযোগদলৰ বিদেশী সুৰাৰ বিপনীৰ অনুজ্ঞা পত্ৰ কোনো কাৰণতে যাতে প্ৰদান কৰা নহয় তাৰোপৰি বিভাগীয় ক্ষীপ্ৰ ব্যৱস্থা গ্রহণ কৰি অঞ্চলটো নিশ্চিতবিপদৰ পৰা ৰক্ষা কৰাৰ দাবী উত্থাপন কৰি চাৰিওটা সংগঠনে ডিমৰীয়া সম জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ।
ডিমৰীয়াত কাঠফুলাৰ দৰে বাঢ়ি গৈছে বিদেশী সুৰাৰ বিপনী , বিদেশী সুৰাৰ বিপনীৰ বিৰুদ্ধে জাগী উঠিল ডিমৰীয়াৰ দ’ল সংগঠন


