Headlines

কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বৃহৎ সফলতা মীন বিভাগে হহৰা গাঁৱত কেইবা কুইন্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰাৰ লগতে মাছ সমূহ দ গাঁত খান্দি পুতি থয়

যুগ বাৰ্তা ৭ জুন === বিশ্ব পৰিৱেশ দিৱস পালনৰ ক্ষণতে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত সোণাপুৰৰ হহৰা গাঁৱত এক অভিযান চলায় যোৱা কালি আবেলিৰ সময়ত ডি আই বাহনসহ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । উল্লেখযোগ্য যে ডিমৰীয়া অঞ্চলৰ পুখুৰী সমূহত যোৱা কিছুদিন ধৰি কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ…

Read Full News

ডিমৰীয়াত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালকৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ অভিযান

যুগ বাৰ্তা ১ জুন === ক্ষেত্ৰীৰ হেলাগোগ অঞ্চলত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ অবৈধ ভাৱে পালন কৰা পুখুৰী সমূহ পৰিদৰ্শন কৰে মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা থাইলেণ্ড মাগুৰ মাছ ক্ষেত্ৰীৰ হেলাপোগত জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে পালন কৰি অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দ’ল সংগঠনৰ সদস্যই সাংগঠনিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মীন…

Read Full News

ডিমৰীয়াৰ তেতেলীয়াৰ ২২ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে চাৰিজনৰ মৃত্যু

যুগ বাৰ্তা ৩০ মে === ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২২ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে এখন বলেৰ বাহনে খুন্দা মৰাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ঘটনাস্থলীতেই চাৰিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা…

Read Full News

মন্দিৰৰ সমীপত চিঞৰ বাখৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মাৰপিটত মৃত্যু এজন যুৱকৰ হত্যাৰ গোচৰত দুজনক আটক হোৱাৰ বিপৰীতে এজন পলাতক

যুগ বাৰ্তা ২৯ মে === সোণাপুৰৰ কলংপাৰত মৰেল পুলিচৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু । মৃত যুৱকজন হৈছে কলংপাৰৰ বাপন পাল । বাপন পালক হত্যা কৰাৰ অভিযোগত তিনিজন ব্যক্তিৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীয়ে ৫৫/২৬ ইউ/এছ – ১২৭(২)/১১৮(২)/১০৯/৩(৫)/১০৩ বিএনএছ নং গোচৰ ৰুজূ কৰি তদন্ত আৰম্ভ কৰিছে ।ইতিমধ্যে ঘটনাৰ সংক্ৰমণত দুজনক অভিযুক্তক সোণাপুৰ থানাৰ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ…

Read Full News

ক্ষেত্ৰীত বৃহৎ বৃহৎ পুখুৰীত অবৈধভাৱে পালন নিষিদ্ধ বিদেশী থাইলেণ্ড মাগুৰ মাছ ; ঐতিহাসিক জালিসৰা বিলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব থাইলেণ্ড মাগুৰ মাছে

যুগ বাৰ্তা ২৭ মে === ক্ষেত্ৰী পঞ্চায়তৰ অন্তৰ্গত হেলাগোগৰ ঐতিহাসিক জালিসৰা বিলৰ নিচেই কাষত অবৈধভাৱে থাইলেণ্ড মাগুৰ মাছ পুখুৰীত পালন কৰা ঘটনাই সমগ্ৰ ডিমৰীয়া অঞ্চলৰ ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে থাইলেণ্ড মাগুৰ মাছৰ পালন , বিক্ৰী আৰু আমদানিত চৰকাৰী নিষেধাজ্ঞা থকাৰ পিছতো কিছুমান অসাধু ব্যৱসায়ীয়ে অধিক লাভৰ আশাত এই বিদেশী প্ৰজাতিৰ মাছ পালন…

Read Full News

ডিমৰীয়াত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে বিশাল গণ সমাৱেশ ” প্ৰয়োজন হ’লে তেজ দিম কিন্তু প্ৰদূষণ যুক্ত উদ্যোগ স্থাপন হ’বলৈ নিদিওঁ “

যুগ বাৰ্তা ,২৫ মে === প্ৰদূষণ যুক্ত চিমেণ্ট উদ্যোগ স্থাপন কৰাৰ বিৰুদ্ধে আজি তিনি নং ঔজাৰী নামঘৰ প্ৰাংগণত বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিমৰীয়াৰ স্থানীয় ৰাইজ, বিভিন্ন সামাজিক দ’ল সংগঠনৰ সহযোগত অনুষ্ঠিত হয় টপচেম চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ । এই সমাৱেশত প্ৰায় পাঁচ শতাধিক লোকে…

Read Full News

ডিমৰীয়া অঞ্চলৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ উদ্দেশ্যেৰে জাতীয় দল সংগঠনৰ উদ্যোগত নাগৰিক সভা

বাৰ্তা ২৪ মে === সোণাপুৰৰ যোগদলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি ডিমৰীয়াৰ ১২ টা জাতীয় দল সংগঠনৰ আহ্বানত স্থানীয় লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিভিন্ন জলন্ত সমস্যা সমূহৰ সমাধান বিচাৰি নাগৰিক সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ উদ্যোগত ডিমৰীয়াৰ ১২ টাকৈ জাতীয় সংগঠনে ডিমৰীয়া বাসী ৰাইজৰ সহযোগত ডিমৰীয়াৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ…

Read Full News

পুনৰ সোণাপুৰত তিৰিশটা গোধন উদ্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গোধন ভৰ্তি বাহন এৰি চালকৰ পলায়ন

যুগ বাৰ্তা ২৩ মে === আজি দিনত সোণাপুৰত এক উল্লেখযোগ্য ঘটনাই সাধাৰণ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । গোপন সূত্ৰৰ পম খেদি সোণাপুৰৰ টোলগেটত ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ সদস্য সকলে সোণাপুৰ আৰক্ষীৰ সহযোগত এখন গোধন সৰবৰাহ কৰা মেস্কিমো বাহন জব্দ কৰে । AS01TC2886 নম্বৰৰ মেস্কিমো বাহন খনৰ পৰা পাচটাকৈ গোধন উদ্ধাৰ কৰে । গোধন উদ্ধাৰ…

Read Full News

সোণাপুৰৰ টোল গেটত অবৈধ গোধন সৰবৰাহ কৰা বাহন জব্দ

যুগ বাৰ্তা 22 মে == সোণাপুৰ নাজিৰাখাত টোলগেটত আজি পুৱাই দুখনকৈ গৰু ভৰ্তি মেস্কিম বাহন জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে । নিশ্চিত তথ্যৰ ভিত্তিত বৃহত্তৰ ডিমৰীয়া সন্মিলনত যুৱ শক্তি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মকৰ্তাই সোণাপুৰৰ টোলগেটত AS01 UC 2231 আৰু AS01 TC 8559 নম্বৰৰ দুখন বাহনৰ পৰা ১১ টা কৈ গোধন উদ্ধাৰ কৰে । আনহাতে সংগঠনটোৰ কৰ্মকৰ্তাই…

Read Full News

নিৰ্বাচনত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল জুবিন ক্ষেত্ৰত

যুগ বাৰ্তা ২২মে == দ্বিতীয় বাৰৰ বাবে মুখ্য মন্ত্ৰীৰ কাৰ্য ভাৰ গ্ৰহন কৰিয়ে আজি সোণাপুৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা উভতি আহি বিমান বন্দৰৰ পৰা পোনে পোনে আহি পুৱা ১০-৩০ মান বজাত জুবিন ক্ষেত্ৰত উপস্থিত হয় । সোণাপুৰৰ কমাৰকুছি স্থিত জুবিনৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…

Read Full News