jugabarta

সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগ; ডিমৰীয়া অঞ্চলজুৰি শোকৰ ছাঁ

যুগ বাৰ্তা ২৯ জুলাই: সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰূপেন কুমাৰ চৌধুৰীয়ে যোৱা কালি বিয়লি প্ৰায় ৫ বজাত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত পৰলোক গমন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৫ বছৰ।দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি চিকিৎসাধীন হৈ থকা চৌধুৰীৰ বিয়োগৰ খবৰে সোণাপুৰ তথা সমগ্ৰ ডিমৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।…

Read Full News

সোণাপুৰৰ কুশল নগৰত দিন দুপৰতে দুৰ্ধৰ্ষ চুৰি; তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুট

যুগ বাৰ্তা ২৯ জুলাই === মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ কুশল নগৰ নৱ পথত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ গৰাকী অনুপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰি যোৱা ২৭ জুলাইত অজ্ঞাত দুৰ্বৃত্তই ঘৰৰ তলা ভাঙি প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটি লৈ পলায়ন কৰে। জানিব পৰা মতে, ঘৰৰ…

Read Full News

বৰ্ণিহাটৰ আমতলা বস্তিত ড্ৰাগছ বিৰোধী প্ৰতিবাদ: কঠোৰ ব্যৱস্থাৰ দাবীত স্থানীয় ৰাইজৰ সোচ্চাৰ

যুগ বাৰ্তা ১৫ জুলাই === সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ আমতলা বস্তিত বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু অবৈধ বেহাৰ বিৰুদ্ধে সোমবাৰে স্থানীয় বাসিন্দাসকলে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত অঞ্চলটোৰ মহিলাসকলৰ লগতে মহাবীৰ লাচিত সেনাৰ সদস্যসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ড্ৰাগছমুক্ত সমাজ গঢ়াৰ দাবীত একত্ৰিত হয়।প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে আমতলা বস্তি…

Read Full News

ডিমৰীয়াৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাগত মাল গোঁসাই পূজা উদযাপন

যুগ বাৰ্তা ১৫ জুলাইঃ বিগত বছৰৰ দৰে এইবেলিও ক্ষেত্ৰীৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি ৰক্ষা কৰি মধ্য যুগৰ ৰজাদিনীয়া পৰম্পৰাৰে আজি মঙ্গলবাৰৰ দিনটোত অগনণ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশেৰে বৰ্ণিল আধ্যাত্মিক দিনজোৰা কাৰ্যূসচীৰে অনুষ্ঠিত হয় ডিমৰীয়া ঐতিসাহিক গৰখীয়া মাল গোঁসাই পূজা। উল্লেখ্য যে মধ্য যুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহেৰে নিৰ্মাণ কৰা হয় এখন…

Read Full News

অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ প্ৰতিবাদ

যুগ বাৰ্তা ১১ জুলাই === অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ডিমৰীয়া প্ৰকল্প কমিটিৰ উদ্যোগত আজি ডিমৰীয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক’লা সাজ পৰিধান কৰি কৰ্মী-সহায়িকাসকলে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি, মাননীৰ সলনি উপযুক্ত মজুৰি, নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি, ই এছ আই, পি এফ, গ্ৰেচুইটি, বিদ্যুৎ…

Read Full News

সোণাপুৰত ৰাজ্যৰ প্ৰথম ‘জন্মদিন সেউজ শপত উদ্যান’ মুকলি : জন্মদিনত গছপুলি ৰোপণৰ নতুন সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্য; ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত এনে উদ্যান স্থাপনৰ পৰিকল্পনা

যুগ বাৰ্তা ৯ জুলাই === পৰিৱেশ সংৰক্ষণৰ সৈতে জনসাধাৰণক আৱেগিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে ডিমৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলীত যোৱা ৭ জুলাই তাৰিখে ৰাজ্যৰ প্ৰথমখন ‘জন্মদিন সেউজ শপত উদ্যান’ আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। গছ-বন সংৰক্ষণৰ প্ৰতি সমাজত সজাগতা বৃদ্ধি আৰু জন্মদিন উদযাপনৰ সৈতে বৃক্ষৰোপণক সংযুক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে এই অভিনৱ…

Read Full News

জুবিন ক্ষেত্ৰৰ ২১ গৰাকী সেৱিকা মহিলালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য দীৰ্ঘদিনীয়া নিঃস্বাৰ্থ সেৱাৰ স্বীকৃতিস্বৰূপ ২৫ হাজাৰ টকাকৈ অনুদান, চেক বিতৰণ কৰে বিধায়ক ড০ তপন দাসে

যুগ বাৰ্তা , ৭ জুলাই ==== দীৰ্ঘদিন ধৰি জুবিন ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে সমাজসেৱা আগবঢ়াই অহা ডিমৰীয়া অঞ্চলৰ ২১ গৰাকী সেৱিকা মহিলাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক অনুদান প্ৰদান কৰা হয়। সমাজসেৱাৰ ক্ষেত্ৰখনত তেওঁলোকৰ নিষ্ঠা, ত্যাগ আৰু দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতিস্বৰূপ এই সাহায্য আগবঢ়োৱা হৈছে।জুবিন ক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসে…

Read Full News

সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন

যুগ বাৰ্তা ৩ জুলাই === ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধিক সুসংগঠিত আৰু ফলপ্ৰসূ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে ১ জুলাই বুধবাৰে সোণাপুৰ মহাবিদ্যালয়ত APSC, UPSC আৰু ADRE-ৰ এমহীয়া বিনামূলীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয় । ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসৰ পৃষ্ঠপোষকতাত, GENSHINE Civil Services Academy-ৰ উদ্যোগত আৰু…

Read Full News

সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু সোণাপুৰ বন বিভাগৰ যুটীয়া অভিযানত গঁড়ৰ খৰ্গসহ তিনি সৰবৰাহকাৰী আটক

যুগ বাৰ্তা ৩০ জুন জুন ===গোপন খবৰৰ ভিত্তিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যূৰো (WCCB) আৰু সোণাপুৰ বন বিভাগে যৌথভাৱে চলোৱা এক অতৰ্কিত অভিযানত গঁড়ৰ খৰ্গসহ তিনিজন সন্দেহজনক বন্যপ্ৰাণী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে সোণাপুৰৰ কমাৰকুছিস্থিত চেগুন বাগান ৰিজৰ্টত তিনিজন সৰবৰাহকাৰীয়ে পূৰ্বৰেপৰাই বাহৰ পাতি গঁড়ৰ খৰ্গঅবৈধ লেনদেন কৰাৰ উদ্দেশ্যেৰে অপেক্ষা কৰি আছিল । ইফালে গোপন…

Read Full News

সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

যুগ বাৰ্তা ২৩ জুন == সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ত যোৱা কালি দিনৰ ভাগত এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনত মৰিগাঁও, নগাঁও, কামৰূপ আৰু হোজাই জিলা সমিতিৰ বিষয়ববীয়া তথা বহু সংখ্যক সদস্য উপস্থিত থাকে। তিৱা জাতিৰ বৃহৎ জাতীয় ছাত্র সংগঠনখনৰ বৰ্তমান পৰিস্থিতি আৰু সাংগঠনিক সমস্যাসমূহক লৈ এই সভাত বিস্তৃত…

Read Full News