জুবিন ক্ষেত্ৰৰ ২১ গৰাকী সেৱিকা মহিলালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য দীৰ্ঘদিনীয়া নিঃস্বাৰ্থ সেৱাৰ স্বীকৃতিস্বৰূপ ২৫ হাজাৰ টকাকৈ অনুদান, চেক বিতৰণ কৰে বিধায়ক ড০ তপন দাসে

যুগ বাৰ্তা , ৭ জুলাই ==== দীৰ্ঘদিন ধৰি জুবিন ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে সমাজসেৱা আগবঢ়াই অহা ডিমৰীয়া অঞ্চলৰ ২১ গৰাকী সেৱিকা মহিলাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক অনুদান প্ৰদান কৰা হয়। সমাজসেৱাৰ ক্ষেত্ৰখনত তেওঁলোকৰ নিষ্ঠা, ত্যাগ আৰু দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতিস্বৰূপ এই সাহায্য আগবঢ়োৱা হৈছে।
জুবিন ক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসে আনুষ্ঠানিকভাৱে উপকৃত ২১ গৰাকী মহিলাৰ হাতত অনুদানৰ চেক বিতৰণ কৰে। অনুষ্ঠানত উপস্থিত থকা সেৱিকা মহিলাসকলৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি আৰু সমাজকৰ্মীসকলেও এই পদক্ষেপক আদৰণি জনায়।
ইফালে বিধায়ক ড০ তপন দাসে সংবাদ মাধ্যমৰ আগত কয় যে, ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন ক্ষেত্ৰত উপস্থিত হওতে প্ৰতিশ্ৰুতি দিছিলে যে জুবিন ক্ষেত্ৰত নিস্বাৰ্থভাবে চাফ চিকুণ কৰি সেৱা আগবঢ়ায় অহা মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব । সেই অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি ৰক্ষা কৰি একৈশ গৰাকী মহিলাক আৰ্থিক সাহায্য আগবঢ়ায় । গতিকে জনদৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰা চৰকাৰী আৰ্থিক সাহায্য পছিশ হাজাৰকৈ টকাৰ চেক জুবিন ক্ষেত্ৰখন আৰম্ভণিৰে চাফ চিকুণ কৰি সেৱা আগবঢ়ায় অহা মহিলা সকলৰ মাজত বিতৰণ কৰা হৈছে । আগন্তুক দিনতো এনে সমাজসেৱী লোকসকলৰ কাষত চৰকাৰ থিয় হৈ থাকিব বুলি তেওঁ আশ্বাস দিয়ে। আনহাতে অনুদান লাভ কৰা মহিলাসকলে মুখ্যমন্ত্ৰীৰ এই মানবীয় পদক্ষেপৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁলোকে কয় যে, কোনো স্বীকৃতি বা প্ৰতিদানৰ আশা নকৰাকৈ সমাজসেৱা কৰি আহিছিল। চৰকাৰৰ এই স্বীকৃতি আৰু আৰ্থিক সহায়ে তেওঁলোকক অধিক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতেও একে নিষ্ঠাৰে সমাজসেৱা অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰিব।
উল্লেখযোগ্য যে, জুবিন ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চাফ চিকুণ কৰাকে ধৰি বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু জনকল্যাণমূলক কাৰ্যসূচীত এই সেৱিকা মহিলাসকলে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্ৰীৰ এই আৰ্থিক সাহায্যক তেওঁলোকৰ সেৱাৰ এক মূল্যৱান স্বীকৃতি হিচাপে গণ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *