যুগ বাৰ্তা ২৩ জুন == সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ত যোৱা কালি দিনৰ ভাগত এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনত মৰিগাঁও, নগাঁও, কামৰূপ আৰু হোজাই জিলা সমিতিৰ বিষয়ববীয়া তথা বহু সংখ্যক সদস্য উপস্থিত থাকে। তিৱা জাতিৰ বৃহৎ জাতীয় ছাত্র সংগঠনখনৰ বৰ্তমান পৰিস্থিতি আৰু সাংগঠনিক সমস্যাসমূহক লৈ এই সভাত বিস্তৃত আলোচনা হয়।
সভাৰ অন্তত সন্ধিয়া এখন সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদ মেলত সংগঠনটোৰ কেইবাটাও জিলা সমিতিৰ বিষয়ববীয়াসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, সদৌ তিৱা ছাত্র সন্থাৰ সংবিধানৰ নীতি-আদৰ্শ সম্পূৰ্ণৰূপে উলংঘা কৰি এখন নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে। তেওঁলোকৰ অভিযোগ অনুসৰি, এই সমিতিখন গঠন প্ৰক্ৰিয়া কোনো বৈধ সাংগঠনিক নিয়ম অনুসৰি কৰা হোৱা নাই আৰু ইয়াৰ পিছুত কিছুমান ব্যক্তিৰ ন্যস্ত স্বাৰ্থ জড়িত আছে।
সংবাদ মেলত অধিক উল্লেখ কৰে যে, দুজনমান ব্যক্তিয়ে নিজৰ খেয়াল-খুচিমতে কেন্দ্ৰীয় সমিতি গঠন কৰি সংগঠনখনৰ ভিতৰত খাম-খেয়ালী আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ধৰণৰ কাৰ্যকলাপে তিৱা জনগোষ্ঠীৰ বৃহৎ ছাত্র সংগঠনখনৰ ঐক্য আৰু মৰ্যাদাত আঘাত হানিছে বুলি বিষয়ববীয়াসকলে মন্তব্য কৰে। সেয়ে নতুনকৈ গঠন কৰা কেন্দ্ৰীয় সমিতিখন সম্পূৰ্ণ অবৈধ বুলি ঘোষণা কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৰ ভৱিষ্যৎ দিশ নিৰ্ণয়ৰ উদ্দেশ্যে এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা বুলি সংবাদ মেলত উল্লেখ কৰে । সভাত সংগঠনটোৰ ভিতৰত সৃষ্টি হোৱা সকলো সমস্যাৰ সমাধান বিচাৰি উলিওৱা আৰু এক সুসংগঠিত ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে আগন্তুক ২৮ জুন, ৰবিবাৰে মৰিগাঁও চহৰৰ গান্ধী ভৱনত এখন বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই বিশেষ অধিবেশনত এখন তদাৰক সমিতি গঠন কৰি আগন্তুক ছমাহৰ ভিতৰত এখন পূৰ্ণাঙ্গ কেন্দ্ৰীয় সমিতি গঠন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।
ইয়াৰ উপৰি, এই বিশেষ অধিবেশন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ১৪ জনীয়া এখন আহ্বায়ক সমিতিও গঠন কৰা হয়। আহ্বায়ক সমিতিখনে ২৮ জুনত মৰিগাঁওস্থিত গান্ধী ভৱনত অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ অধিবেশন সফল কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, এই অধিবেশন আৰু তদাৰক সমিতি গঠনৰ জৰিয়তে সদৌ তিৱা ছাত্র সন্থাৰ সাংগঠনিক স্থিৰতা পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লোৱা হৈছে। সংগঠনটোৰ ঐক্য, শৃংখলা আৰু সংবিধানৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা


