সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

যুৱ বাৰ্তা , ১৫ জুনঃ বিগত বছৰৰ দৰে এইবছৰো ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত ২০২৬ বৰ্ষৰ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডিমৰীয়া অঞ্চলৰ জনজাতীয় ১৬৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোণাপুৰৰ ট্ৰাইচেম প্ৰেক্ষাগৃহত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ স্থায়ী সভাপতি বিদ্যাধৰ দৈমাৰীৰ সভাপতিত্বত এখনি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাত আমন্ত্ৰিত কৰা বিশিষ্ট অতিথিসকলক এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সংঘৰ সকলো বিষয়-ববীয়াকো এখনি জনজাতীয় গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাৰ আৰম্ভণতি অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে। ইয়াৰ পিছত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ স্থায়ী সম্পাদক নগেন বাংঠায়ে। উক্ত অভিনন্দন অনুষ্ঠানত ডিমৰীয়াৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে কলা-বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা লগতে লেটাৰ মাৰ্ক আৰু ষ্টাৰ মাৰ্ক প্ৰাপ্ত জনজাতীয় শিক্ষাৰ্থীসকলক একোখনকৈ অভিনন্দন পত্ৰ, ফুলাম গামোছা আৰু একোডালকৈ মূল্যৱান গছ পুলি প্ৰদান কৰা হয়। উল্লেখ্য যে ডিমৰীয়া জিলা ট্ৰাইবেল সংঘই অতীতৰ পৰাই বৃহত্তৰ ডিমৰীয়া অঞ্চলৰ জনজাতীয় শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰি এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি আহিছে। আজিৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ড০ তপন দাস, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্রশাসনীক বিষয়া হীৰণ্য বড়া, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বেদব্রত শইকীয়া । ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি নামেশ্বৰ বড়ো, সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লগতে ট্ৰাইবেল য়ুথ লীগৰ সভাপতি ধীৰেন ইংতি, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ উপদেষ্টা মুকুণ্ড বে উপস্থিত থকাৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক কৌশিক ৰংপি, সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ সভাপতি/সম্পাদক, বৰুৱাবাৰী গাঁও পঞ্চায়তৰ সভাপতি সুশিলা কাঠাৰ, বৰখাট গাঁও পঞ্চায়তৰ সভাপতি মৌচম পাটৰ, কমাৰকুছি গাঁও পঞ্চায়তৰ সভানেত্ৰী মৃদুলা ইংজাল, নৰতাপ গাঁও পঞ্চায়তৰ সভানেত্ৰী নেউতী বড়ো, তিৱা স্বায়ত্ব পৰিষদৰ ভৱেশ কাঠাৰ, মৰকডোলা গাঁও উন্নয়ন সমিতিৰ সম্পাদক জিতেন ৰংহাং আৰু কৃতী ছাত্ৰী-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকা লগতে ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ সমূহ বিষয়-ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *