ডিমৰীয়াত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে বিশাল গণ সমাৱেশ ” প্ৰয়োজন হ’লে তেজ দিম কিন্তু প্ৰদূষণ যুক্ত উদ্যোগ স্থাপন হ’বলৈ নিদিওঁ “

যুগ বাৰ্তা ,২৫ মে === প্ৰদূষণ যুক্ত চিমেণ্ট উদ্যোগ স্থাপন কৰাৰ বিৰুদ্ধে আজি তিনি নং ঔজাৰী নামঘৰ প্ৰাংগণত বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিমৰীয়াৰ স্থানীয় ৰাইজ, বিভিন্ন সামাজিক দ’ল সংগঠনৰ সহযোগত অনুষ্ঠিত হয় টপচেম চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ । এই সমাৱেশত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰি উদ্যোগটো স্থাপন নকৰিবলৈ জোৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত ডিমৰীয়া মৌজাৰ ২০নং টোপাতলী গাঁও পঞ্চায়তৰ দুৰুং, ৩নং ঔজাৰী গাঁৱত যোৱা ২০০৮-২০০৯ চনত ১৩৪ বিঘা ১ লেচা কৃষিভূমি ক্ৰয় কৰি টপচেম চিমেন্ট কোম্পানীৰ কাম-কাজ আৰম্ভ কৰিছিল। কিন্তু ২০০৯ চনতেই ডিমৰীয়া বাসী ৰাইজৰ প্রতিবাদ তথা বিভিন্ন আন্দোলন কার্যসূচীত সেও মানি চিমেণ্ট কোম্পানীটোৰ মালিকপক্ষই সম্পূৰ্ণ কাম-কাজ বন্ধ কৰি দিছিল। কিন্তু বৰ্তমান চিমেণ্ট কোম্পানীটোয়ে দেৱাল নিৰ্মাণকে ধৰি অন্যান্য কাম-কাজ পুনৰ কৰিবলৈ আৰম্ভ কৰিছে। যাৰবাবে ডিমৰীয়া বাসী ৰাইজে দুৰুং ঔজাৰী অঞ্চলত টপচেম চিমেণ্ট উদ্যোগ স্থাপনৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰি আজি অনুষ্ঠিত হোৱা গণ সমাৱেশ কাৰ্যসূচীৰ জৰিয়তে প্ৰথমটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সমাবেশত বক্তাসকলে কয় যে যি স্থানত চিমেন্ট উদ্যোগ স্থাপন কৰিব বিচাৰিছে উক্ত বৃহৎ এলেকা সম্পূর্ণ কৃষিভূমি এলেকা আৰু ৰাজহুৱা বিল-খাল আদিৰে ভৰপুৰ। ডিমৰীয়া ৰজাঘৰীয়া ঐতিহাসিক পাৰশালি বিল ইয়াতেই অৱস্থিত। উদ্যোগটো স্থাপন হলে উদ্যোগটোৱে সৃষ্টি কৰা প্ৰদূষণে কৃষিভূমি আৰু খাল বিলসমূহ ধ্বংস কৰিব ফলত সংশ্লিষ্ট অঞ্চলত হাজাৰ হাজাৰ মানুহৰ জীবনলৈ সংকট নামি আহিব। তদুপৰি, চিমেন্ট উদ্যোগৰ পৰা নিৰ্গত প্ৰদূষিত বায়ু আৰু ধূলিৰ ফলত বায়ু আৰু পানী প্ৰদূষিত হৈ অঞ্চলৰ স্বাস্থ্যৰ প্ৰতি অসচেতন দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাইজ বিভিন্ন দুৰাৰোগ্য ৰোগত আক্রান্ত হ’ব। এনে ক্ষেত্রত কোনো এগৰাকী ব্যক্তি বা এটা প্ৰতিষ্ঠানৰ লাভৰ বিপৰীতে তথা দুজনমান সমাজ বিৰোধী দালালৰ লাভালাভৰ স্বাৰ্থত সমগ্ৰ অঞ্চলটোৰ দুখীয়া খেতিয়ক আৰু শ্রমজীৱি ৰাইজৰ মাজলৈ নামি আহিব জীৱন আৰু জীৱিকাৰ প্ৰতি চৰম ভাবুকি আৰু সংকট। জনমত অবজ্ঞা কৰি এই ধৰণৰ প্ৰদূষণ যুক্ত উদ্যোগ স্থাপনৰ চেষ্টা কৰিলে যিকোনো উদ্ভৱ হ’ব পৰা পৰিবেশ সৃষ্টি হ’লে তাৰবাবে প্ৰশাসন দায়ী হ’ব । কোনো কাৰণতে চিমেণ্ট উদ্যোগ হ’বলৈ নিদিয়ে , প্ৰয়োজন হ’লে তেজ দিব প্ৰাণ দিব বুলি হুংকাৰ প্ৰদান কৰে। সমাৱেশত অংশগ্ৰহণ কৰা সংগঠনসমূহে স্পষ্টকৈ জনায় যে, যদিহে এই টপচেম চিমেণ্ট উদ্যোগটো স্থাপনৰ সিদ্ধান্ত অতি শুনকালে বাতিল নকৰে তেনেহলে আগন্তুক দিনত অধিক তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব। আনহাতে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে জনবহুল এলেকাত চিমেণ্ট উদ্যোগ স্থাপনৰ নিচিনা বিষয়ত তৎকালীন হস্তক্ষেপ কৰি যাবতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।গণ সমাৱেশৰ অন্তত সকলোৱে সমাবেশ স্থলীৰ পৰা টপচেম চিমেণ্ট উদ্যোগ স্থাপন কৰা স্থলীলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে । চিমেণ্ট উদ্যোগ স্থাপন স্থলীত কৈলাস লোহিয়া হায় হায়, কৈলাস গৌবেক , পুজিপতিৰ দালালি কৰা বন্ধ কৰক , আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিপ্লৱ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী গণ সমাৱেশত উপস্থিত থাকে ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাং , বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰংহাং , গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কৃষ্ণ গগৈ , জনজাতি মহাসংঘৰ উপ-সভাপতি মুক্তি লালুং , সমাজ সংগঠক কুলেন বড়ো , জয়ন্ত গগৈ, নাৰায়ণ চৰকাৰকে ধৰি বহুকেইটা সংগঠনৰ বিষয়ববীয়া তথা সচেতন ৰাইজ ।

Leave a Reply

Your email address will not be published. Required fields are marked *