যুগ বাৰ্তা ২৩ মে === আজি দিনত সোণাপুৰত এক উল্লেখযোগ্য ঘটনাই সাধাৰণ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । গোপন সূত্ৰৰ পম খেদি সোণাপুৰৰ টোলগেটত ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ সদস্য সকলে সোণাপুৰ আৰক্ষীৰ সহযোগত এখন গোধন সৰবৰাহ কৰা মেস্কিমো বাহন জব্দ কৰে । AS01TC2886 নম্বৰৰ মেস্কিমো বাহন খনৰ পৰা পাচটাকৈ গোধন উদ্ধাৰ কৰে । গোধন উদ্ধাৰ কৰা অভিযানত জড়িত থকা যুৱ শক্তিৰ সদস্য সকলৰ মতে ভুৱা কাগজ পত্ৰৰে আৰক্ষীৰ চকুত ধূলি দি নিতৌ অবৈধ ভাবে গোধন সৰবৰাহ কাৰ্য্য চলি আছে । ইফালে এই ঘটনাৰ কিছু সময়ৰ পিছতে এক ৰহস্যময় পৰিস্থিতিত সোণাপুৰৰ ৰাষ্ট্রীয় ঘাইপথত আন এখন গোধন ভৰ্তি বাহন এৰি চালকে কৰে পলায়ন । সোণাপুৰৰ বালিগেটত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখি থোৱা অৱস্থাত চালক বিহীন বাহনখনৰ পৰা সোণাপুৰৰ আৰক্ষীয়ে পচিশটাকৈ( ২৫ ) গোধন জব্দ কৰে । উদ্ধাৰ কৰা গোধন সমূহ সুৰক্ষিত ভাৱে নিকতৱৰ্তী ডিগাৰুস্থিত গোশালাত ৰখাৰ ব্যৱস্থা কৰে সোণাপুৰ আৰক্ষীয়ে । পলাতক চালকজনক চিনাক্ত কৰি আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে । গুৱাহাটী দিশৰ পৰা নগাঁও অভিমুখে ৰৈ থকা গোধন ভৰ্তি বাহনখনৰ নম্বৰ হৈছে AS 01PC 2917 আনহাতে যোৱাকালিও সোণাপুৰৰ টোল গেটত বৃহত্তৰ ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ সদস্য সকলে এঘাৰটাকৈ গোধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । দুটা দিনত অবৈধভাৱে গোধন সৰবৰাহকাৰিৰ কবলৰ পৰা এক চল্লিশটাকৈ গোধন উদ্ধাৰ কৰা ঘটনাক ডিমৰীয়াৰ স্থানীয় ৰাইজে বৃহত্তৰ ডিমৰীয়া সন্মিলিত যুৱ শক্তিৰ অভিযানক স্বাগতম জনাইছে আৰু এনে অবৈধ গোধন সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।
পুনৰ সোণাপুৰত তিৰিশটা গোধন উদ্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গোধন ভৰ্তি বাহন এৰি চালকৰ পলায়ন


