নিৰ্বাচনত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল জুবিন ক্ষেত্ৰত

যুগ বাৰ্তা ২২মে == দ্বিতীয় বাৰৰ বাবে মুখ্য মন্ত্ৰীৰ কাৰ্য ভাৰ গ্ৰহন কৰিয়ে আজি সোণাপুৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা উভতি আহি বিমান বন্দৰৰ পৰা পোনে পোনে আহি পুৱা ১০-৩০ মান বজাত জুবিন ক্ষেত্ৰত উপস্থিত হয় । সোণাপুৰৰ কমাৰকুছি স্থিত জুবিনৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লয় । জুবিনৰ সমাধিস্থলীত ধুপ চাকি জ্বলাই আঠুকাঢ়ি সেৱা জনায় জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পৰিদৰ্শনৰ অন্তত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে তিনি কোটি টকা ব্যয়ৰে নিৰ্মাণ হব জুবিন ক্ষেএৰ চাৰিসীমা দেৱালৰ কাম। এই কাম সম্পূৰ্ণ হলেই জুবিন ক্ষেত্ৰ সমাধিৰ কাম আৰম্ভ কৰা হ’ব। ইতিমধ্যে নিৰ্মাণৰ কামৰ দায়িত্ব লোক নিৰ্মাণ বিভাগক দিয়া হৈছে। মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে জুবিনৰ সৃষ্টি ৰাজিক আমি সুন্দৰকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব। বৰ্তমান চৌহদৰ বৃহৎ দেৱালয় কাম চলি আছে। দহ বিঘা ভূমিত নিৰ্মাণ হব জুবিন ক্ষেত্ৰৰ সমাধি। তিনি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব বৃহৎ চৌহদৰ দেৱাল নিৰ্মাণৰ কাম। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ডিজাইন তৈয়াৰ কৰা হৈছে। ইপিনে মুখ্য মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে জুবিনক লৈ কোনো ৰাজনীতি কৰিব নালাগে। জুবিন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি । জুবিন ক্ষেত্ৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া হব বুলিও কয় মুখ্য মন্ত্ৰীয়ে। মুখ্য মন্ত্ৰীয়ে আৰু কয় যে জুবিন ক্ষেত্ৰৰ স্হান নিৰ্বাচন কৰোতে ইয়াত ১৫ বাৰতকৈ বেছি আহিছো । সোণাপুৰৰ এই স্হানতে জুবিনৰ শেষকৃত্য হওক তাৰো ব্যৱস্হা কৰিছো মই। কিন্তু পিছত ৰাজনীতিৰ সৈতে ব্যক্তি সকলে জুবিনক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হল। ইয়াত জুবিনতকৈ ৰাজনীতি কথা বেছি হ’বলৈ ধৰিলে।আৰু মই জানিছিলো যে নিৰ্বাচন শেষ হোৱাৰ পিছত ৰাজনীতি শেষ হব। আৰু জুবিনৰ আছল সত্য তথা শিল্পীৰ সও নিজে নিজে প্ৰকাশ পাব।যাৰ বাবে মুখ্য মন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বেই প্ৰতিশ্ৰুতি দিছিল যে ৰাইজৰ আশীৰ্বাদত চৰকাৰ গঠন কৰিব পাৰিলে ‘জুবিন ক্ষেত্ৰ’লৈ গৈ পৰিদৰ্শন কৰি কাম পূৰ্নদমে আগবঢাই নিব । সেয়ে আজি জুবিন ক্ষেএত উপস্হিত হৈ কয় যে জুবিনৰ সৃষ্টি ৰাজি , জুবিৰ অৱদান আমি কেনেকৈ জীয়াই ৰাখিম তাৰ চেষ্টা কৰা হ’ব। লগতে আৰু কয় যে জুবিনক লৈ আৰু কোনেও যাতে ৰাজনীতি নকৰে।তেতিয়াহে জুবিন‌ জুবিনহৈ আমাৰ মাজত জীয়াই থাকিব।যি সকলে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰি আছিল তেওঁলোকে জুবিনে জীয়াই থাকোতে জুবিনক সমালোচনা কৰিছিল বুলিও কয় মুখ্য মন্ত্ৰীয়ে। আমাৰ কাৰনে জুবিন অতীতটো আছিল, বৰ্তমানেও আছে আৰু ভবিষ্যতেও থাকিব বুলিও কয় মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক লৈ বিৰোধী দলে ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনীতি কৰিছিল । যাৰ ফলত প্ৰতিটো সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ দলে ১৫ ৰ পৰা ২০ শতাংশ ভোট বেছিকৈ লাভ কৰা বুলিও উল্লেখ কৰে । জুবিন ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত সংগ দিয়ে জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকা আৰু ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাস । উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী গৰাকীৰ শেষকৃত্য সম্পন্ন সময়ত জুবিন ক্ষেত্ৰত উপস্হিত হোৱা মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আঠ মাহৰ পিছত উপস্হিত হয় জুবিন ক্ষেত্ৰত। আনহাতে জুবিন ক্ষেত্ৰৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে লোক নিৰ্মাণ বিভাগে হাতত লৈছে। চৌহদৰ বৃহৎ দেৱালয় কাম কৰাৰ লগতে পাহাৰৰ পৰা যাতে ৰঙা মাটি নামি আহিব নোৱাৰে তাৰো ব্যৱস্হা কৰা হৈছে। বাউন্দাৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ যি কাম আছে সেয়া কাম কৰা হব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *