যুগ বাৰ্তা ১৫ জুলাইঃ বিগত বছৰৰ দৰে এইবেলিও ক্ষেত্ৰীৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি ৰক্ষা কৰি মধ্য যুগৰ ৰজাদিনীয়া পৰম্পৰাৰে আজি মঙ্গলবাৰৰ দিনটোত অগনণ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশেৰে বৰ্ণিল আধ্যাত্মিক দিনজোৰা কাৰ্যূসচীৰে অনুষ্ঠিত হয় ডিমৰীয়া ঐতিসাহিক গৰখীয়া মাল গোঁসাই পূজা। উল্লেখ্য যে মধ্য যুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহেৰে নিৰ্মাণ কৰা হয় এখন চাঙী। তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয়। পাছত চাৰিজন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে। অঞ্চলটোৰ প্ৰতি গৃহস্হৰ গৃহত প্ৰৱেশ কৰে চাঙী বহন কৰা লোক সকলে। গৃহস্হই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ায় শৰাই-শলিতা। ডিমৰীয়াৰ পঞ্চ দেৱতা কেইজনৰ ভিতৰত বিশেষভাৱে মাল গোঁসাই অন্যতম। অতীতত ৰজাই ৰাজ্যত বহিঃ শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদেশ্যৰে বল-বিক্ৰম অৰ্জন কৰাৰ লগতে সমাজৰ অপায়-অমংগল ৰোধ, শস্য-মৎস্যৰ শ্ৰীবৃদ্ধি কামনাৰে এই ঐতিহাসিক পূজা ভাগ পালন কৰি আহিছে। আজিও ইয়াৰ ব্যতিক্ৰম নহ’ল, এইদৰে পৰম্পৰা ৰক্ষা কৰি ধোপগুৰিৰ ৰাইজে অনুষ্ঠিত কৰিলে গৰখীয়া মাল গোঁসাই পূজা। য’ত সমাৱেশ হ’ল হেজাৰ হেজাৰ লোক। ইয়াৰ জৰিয়তে ৰাইজে ৰচিলে মালগোঁসাই পূজাৰ ভেটিত ডিমৰীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠিল ঐক্য আৰু সংস্কৃতিৰ মহামিলনৰ হেঁতুৰে। ৰজাদিনীয়া এই ঐতিহাসিক পূজা আজিও পৰম্পৰাগত সংস্কৃতি ৰূপে প্ৰাণৱন্ত হৈ জীয়াই আছে ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ জৰিয়তে। অগনণ লোকৰ সমাৱেশৰে সম্পন্ন হ’ল এই ৰজাদিনীয়া পূজাভাগ।
ডিমৰীয়াৰ ধোপগুৰিত ৰজাদিনীয়া পৰম্পৰাগত মাল গোঁসাই পূজা উদযাপন


