সোণাপুৰৰ মালয়বাৰীত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সোঁৱৰণত ” জীপাল সন্ধিয়া “

যুগ বাৰ্তা, জুন = কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ মালয়বাৰীত যোৱা কালি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি ” জীপাল সন্ধিয়া ” উল্লেখযোগ্য যে চিকমিক তৰাৰ উদ্যোগত মালয়বাৰীৰ জনতা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জীপাল সন্ধিয়া উপভোগ কৰিবলৈ অহা বহু সংখ্যক ৰাইজ তথা জুবিন অনুৰাগীৰ উপস্থিতিয়ে অনুষ্ঠানটো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে । পুৱাৰ ৯ বজাত উদযাপন সমিতিৰ সভাপতি ৰতন ৰাজবংশীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী সমাপন হয় । ইয়াৰ পিছত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰে কাৰ্যসূচী অনুষ্ঠিত হয় । খেল – ধেমালি প্ৰতিযোগিতাত অঞ্চলটোৰ শিশু , কিশোৰ কিশোৰী , যুৱক যুৱতীকে ধৰি বোৱাৰী শাহু সকলোৱে অংশগ্ৰহণ কৰে । ৰছি টনা খেল, পাৰ – পুখুৰী খেল , মিউজিকেল চেয়াৰ, লগতে বিভিন্ন মনোৰঞ্জনমূলক খেল অনুষ্ঠিত হৈ সকলোৰে মাজত আনন্দৰ বতাহ বোৱাই তোলে। দুপৰীয়া জুবিন গাৰ্গৰ ওপৰত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা , চিত্ৰাংকন প্ৰতিযোগিতা , আৰু ভেশচন প্ৰতিযোগিতা । য’ত স্থানীয় কণকণ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। সন্ধিয়া ভাগত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ গীতত একক নৃত্য প্ৰতিযোগিতা । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কিশোৰ কিশোৰী নৃত্য শিল্পী সকলে জুবিনৰ জনপ্ৰিয় গীতসমূহত নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটোক অধিক ৰঙীন কৰি তোলে। আনহাতে নৃত্য প্ৰতিযোগিতা অন্ত পৰাৰ পিছতে দিনযোৰা কাৰ্যসূচীৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰা অনুষ্ঠান অনুষ্ঠিত হয় । নৃপেন ৰাজবংশীয়ে পৰিচালনা কৰা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে সংবাদ লহৰৰ স্বত্তাধিকাৰ মহেশ মালাকৰ , দৈনন্দিন বাৰ্তা তথা প্ৰথম খবৰৰ সাংবাদিকক হেমন্ত কলিতা মাৰাক , সমাজ সেৱক তপন দাস , সাংবাদিক অজয় তালুকদাৰ , উদযাপন সমিতিৰ সভাপতি ৰতন ৰাজবংশী । উল্লেখ্য যে পুৰস্কাৰ পোৱা সকলো প্ৰতিযোগীকে একোখনকৈ শ্ৰীকৃষ্ণৰ গীতও প্ৰদান কৰে সোমৰস সাংস্কৃতিক ফাউণ্ডেশ্যনৰ হৈ সাংবাদিক হেমন্ত কলিতা মাৰাকে । জুবিনক সোৱৰী অনুষ্ঠিত কৰা অনুষ্ঠানত
বিশেষ অতিথি হিচাপে উপস্থিত থাকে জুবিনৰ একালৰ বন্ধু বৰ্গ সকল । জুবিন গাৰ্গৰ সহপাঠী বন্ধু ৰাজীৱ কলিতা ( ৰাণা ) ৰ সহিতে হেমচন্দ্ৰ পাঠক, ঋতুৰাজ বৰবৰা, প্ৰজ্ঞান বৰুৱা, গৌতম , শান্তনুৱে বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধন কাৰ্যসূচী ৰূপায়ণ কৰে । মঞ্চ উদ্বোধন কৰি তেখেতসকলে শিল্পীগৰাকীৰ সৈতে জড়িত স্মৃতি আৰু অভিজ্ঞতা শ্বেয়াৰ কৰি সকলোকে আবেগিক কৰি তোলে। তেওঁলোকে জুবিন গাৰ্গৰ সংগীত জীৱন আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে। নিশা বহু পৰলৈ জুবিন গাৰ্গৰ সংগীতৰ আধাৰত স্থানীয় শিল্পীসকলে সংগীত পৰিবেশন কৰাৰ লগতে blue wings rock band ৰ শিল্পী সকলে সংগীত পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। মুঠতে চিকমিক তৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানে জুবিন গাৰ্গৰ প্ৰতি থকা আকুন্ঠ মৰম ভালপোৱা আৰু সন্মানক পুনৰ এবাৰ উদ্ভাসিত কৰি তুলিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *