যুগ বাৰ্তা ৮ জুন === সোণাপুৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত যোৱা ৫ জুনত নিশা এক অভিযান চলাই সোণাপুৰ টোল গেটৰ ওচৰৰ পৰা এজন কুখ্যাত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ বেপাৰী জনৰ পৰা প্ৰায় ১২.০৬ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰইন থকা এটা চাবোনৰ বাকচ আৰু AS23AF5646 পঞ্জীয়ন নম্বৰৰ এখন বগা ৰঙৰ অলটো কৰে ১০ চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয় । সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন সোণাপুৰ পথাৰৰ
নিজাম আলী (২৯ বছৰ)
পিতা মৃত ৰছিদ আলী বুলি জানিব পৰা গৈছে । ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে প্ৰয়োজনীয় আইনী আনুষ্ঠানিকতা সম্পন্ন কৰি ড্ৰাগছ বেপাৰীজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
সোণাপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ বেপাৰী নিজাম আলী


