কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বৃহৎ সফলতা মীন বিভাগে হহৰা গাঁৱত কেইবা কুইন্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰাৰ লগতে মাছ সমূহ দ গাঁত খান্দি পুতি থয়

যুগ বাৰ্তা ৭ জুন === বিশ্ব পৰিৱেশ দিৱস পালনৰ ক্ষণতে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত সোণাপুৰৰ হহৰা গাঁৱত এক অভিযান চলায় যোৱা কালি আবেলিৰ সময়ত ডি আই বাহনসহ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । উল্লেখযোগ্য যে ডিমৰীয়া অঞ্চলৰ পুখুৰী সমূহত যোৱা কিছুদিন ধৰি কামৰূপ মহানগৰ জিলাৰ মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালনৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে । অভিযানৰ অংশ স্বৰূপে সোণাপুৰৰ হহৰা গাঁৱত কিছু বৃহৎ বৃহৎ পুখুৰীত অবৈধভাৱে নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালন কৰি থকাৰ নিৰ্ভৰ যোগ্য তথ্যৰ ভিত্তিত মীন বিভাগে সোণাপুৰ আৰক্ষীৰ সহযোগত হহৰা অঞ্চলত অভিযান চলায় । অভিযানত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ কঢ়িয়াই নিয়া এখন ডি আই বাহন জব্দ কৰিবলৈ সক্ষম হয় । ডি আই বাহন খনত প্ৰায় চৈধ্য কুইন্টলতকৈ অধিক থাইলেণ্ড মাগুৰ মাছ জব্দ কৰে । মীন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা মাছখিনি হহৰা গাঁৱৰ বাসিন্দা বিপুল (বুবুল ) কেলেঙে পৰিচালনা কৰা পুখুৰীৰ আছিল । বিক্ৰীৰ উদ্দেশ্যেৰে মাছখিনি পুখুৰীৰ পৰা ডাঙৰ ডাঙৰ জালৰ সহায়ত উঠাই লোৱাৰ পিছত এক বিশেষ আৰ্হিৰে নিৰ্মিত ডি আই বাহনৰে জাগীৰোডলৈ নিয়াৰ ব্যৱস্থা কৰিছিল । ইফালে থাইলেণ্ড মাগুৰ মাছ সহ জব্দ হোৱা ডি আই বাহনখন পুনৰ হহৰা জমিদাৰ গাৱত থকা বিপুল ( বুবুল ) কেলেঙে পৰিচালনা কৰা পুখুৰীৰ পাৰলৈকে উভতাই লৈ যায়। নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালন কৰা পুখুৰী সমূহ মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা চলায়। নিৰ্দিষ্ট বিভাগীয় নীতি-নিয়ম পালন কৰি মীন বিভাগে নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ পালন কৰা মৎস্য পালকক চৰকাৰী জৰিমনা বিহাৰ ব্যৱস্থা কৰে যদিও এক অজ্ঞাত কাৰণত বুবূল (বিপুল ) কেলেঙে মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ পৰা দুৰত্ব বজাই ৰাখে । আনহাতে বুবুল কেলেং মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ দৃষ্টিৰ পৰা আতৰি থকাৰ পৰিপ্ৰেক্ষিতত থাইলেণ্ড মাগুৰ মাছ প্ৰতিপালনৰ সৈতে জড়িত কৰ্মচাৰী তথা মাছৰ সৈতে জব্দ কৰা ডি আই বাহনখনৰ মালিকৰ সহমতত হহৰা গাঁৱৰ ৰাইজৰ উপস্থিতিত পুখুৰীৰ পাৰত সন্ধিয়া জে চি ভি মেচিনৰ সহায়ত বৃহৎ দ গাঁত খান্দি নিমখ চতিয়াই ডি আই বাহনত জব্দ কৰা থাইলেণ্ড মাগুৰ মাছখিনি পুতি থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে । হহৰা গাঁৱৰ স্থানীয় লোক সকলে কামৰূপ মহানগৰ জিলাৰ মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে অসাধু থাইলেণ্ড মাগুৰ মাছ পালনক তথা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ধাৰাবাহিকভাৱে চলাই অহা অভিযানক স্বাগতম জনাইছে লগতে বিপুল ( বুবুল ) কেলেঙৰ আৰু অন্য কেইবাটাও পুখুৰীত থকা থাইলেণ্ড মাগুৰ মাছ সমূহ অনতিবিলম্বে ধ্বংস কৰিবলৈ মীন বিভাগ তথা প্ৰশাসনক আহ্বান জনায়। এইখিনিতে উল্লেখ্য কৰাৰ প্ৰয়োজন থাইলেণ্ড মাগুৰ মাছ পালন বিক্ৰী আৰু আমদানিত সম্পূৰ্ণ চৰকাৰী নিষেধাজ্ঞা আছে । থাইলেণ্ড মাগুৰ মাছ স্থানীয় জলজ জীৱ বৈচিত্ৰ্যৰ বাবে অতি বিপদজনক । থাইলেণ্ড মাগুৰ মাছে অন্যান্য দেশীয় মাছ যেনে মাগুৰ , শিঙি , পুঠি , বেং ভেকুলী , সাপ আদি খায় পেলোৱাৰ উপৰিও পানীৰ গুণগত মান নষ্ট কৰে । যাৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ সমতা ভাঙি পৰাৰ আশংকা বৃদ্ধি পাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *