১৫ মে === ডিমৰীয়াৰ টোপাতলীত সদৌ তিৱা ছাত্ৰ সন্থাই সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদ মেল অনুষ্ঠিত কৰি তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই উল্লেখ কৰে যে সদৌ তিৱা ছাত্র সন্থা আৰু জাতীয় সংগঠন সমূহৰ দীঘদিনীয়া মূল দাবী তিয়া স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভূক্ত কৰা। সন্থাই ৩৬ টা বৰ্ষৰ আন্দোলনৰ ফলত যোৱা ইংৰাজী ২৫ ডিচেম্বৰ, ২০২৫ তাৰিখে নতুন দিল্লীৰ মাননীয় মুখ্য মন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু সেই সময়ৰ শিক্ষামন্ত্রী তথা জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্রী অমৃত শ্বাহ মহোদয়ৰ লগত ত্ৰি-পাক্ষিক বৈঠক অনুষ্ঠিত কৰিলে। সেই আলোচনাত ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত Interlocator নিয়োগ কৰি তিৱা, ৰাভা, মিচিং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভূক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা গৃহমন্ত্ৰী গৰাকীয়ে প্রতিশ্রুতি প্রদান কৰিছিল। কিন্তু আজি পাচঁমাহ উকলি গ’ল Interlocator নিয়োগ নকৰিলে। নির্বাচন আহিল আৰু গ’ল আকৌ জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ কথা কোৱা চৰকাৰ আহিল বুলি কোৱাৰ লগতে নৱনিৰ্বাচিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰক আদৰণি জনায় । লগতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অতিসোনকালে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত গৃহমন্ত্রী লগত আলোচনা কৰি সন্থাই জনায় অহা দীঘদিনীয়া দাবী সমাধান কৰিবলৈ দাবী জনায় । ইফালে জাগীৰোড টাউনশ্বিপ গঠন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত আমি কোনো কাৰণত মানি ল’ব নোৱাৰি বুলি সংগঠনটোৰ নেতৃত্বই সংবাদ মেলত উল্লেখ কৰে । এই সন্দৰ্ভত যোৱা ইংৰাজী ১৯ ডিচেম্বৰ, ২০২৪ তাৰিখে নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ জৰিয়তে অৱগত কৰিছিল কিন্তু তিৱা তথা জনজাতিক জাগীৰোডত নিশেষ কৰা যি ষড়যন্ত্র ৰচনা কৰা হৈছে এইয়া কোনো কাৰণত মানি নলয় বুলি সজোৰে সংবাদ মেলত উল্লেখ কৰে । উল্লেখ কৰে জাগীৰোডত পেপাৰ মিল হ’ল তাটো তিৱা জনজাতি লোকৰ ভূমি অধিগ্রহণ কৰিলে তথা জনজাতি লোকসকলৰ ভূমিৰ ওপৰতে কিয় চকু?? কামৰূপ মেট্ৰ’ জিলা সোনাপুৰৰ পৰা নেলী মকৰীয়ালৈকে সমগ্র অঞ্চল জনজাতি অধ্যষিত এলেকা। জনজাতি সকলৰ ভূমি সুৰক্ষিত কৰি ৰাখিবলৈকে ট্রাইবোল বেল্ট ব্লক গঠন কৰা হৈছিল। কিন্তু আজি ট্রাইবেল বেল্ট ব্লক ধ্বংস কৰি পুজিঁপতিৰ হাতত গতাই দি জনজাতিলোকৰ অধিকাৰ খৰ্ব কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে বুলি কোৱাৰ লগতে কোনো কাৰণত এনে ষড়যন্ত্ৰ মানি নোলোৱাৰ কথা সংবাদ মেলত উল্লেখ কৰে । তিৱা স্বায়ত্ব পৰিষদ আৰু ট্রাইবেল বেল্ট ব্লক ধ্বংস কৰি আৰু তিৱা স্বায়ত্ব পৰিষদ এলেকাৰ অস্তিত্ব বিপন্ন কৰি টাউনশ্বীপ গঠন কৰা সিদ্ধান্ত বাতিল কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় অন্যথা তিৱা ৰাইজে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি ঘোষণা কৰে । বছৰ বছৰ ধৰি জনজাতি ৰাইজে ভোগদখল কৰি অহা শিন্ধিশ্বৰ গাৱঁৰ তিৱা তথা জনজাতি গাওঁ লোকক উচ্ছেদ কৰি পুজিঁপতি বনিয়াক গতাই দিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ’ব। বনভূমি আইন, ২০০৬ জৰিয়তে বনভূমিত বসবাস কৰা জনজাতি লোকক চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰি আহিছে। কিন্তু কাৰ স্বাৰ্থত শিন্ধিশ্বৰ গাওঁ ৰাইজক আজিলৈকে মাটি পট্টা প্ৰদান কৰা নহ’ল বুলি সংবাদ মেল যোগে চৰকাৰক প্ৰশ্ন কৰে । টাটা চেমিকণ্ডাক্টৰ প্ৰকল্প গৰিমা লৈ সমগ্র তিৱা জনজাতি ৰাইজৰ ভূমি ভয় ভাবুকিৰে কাঢ়ি ল’বলৈ ষড়যন্ত্র ৰচনা কৰা হৈছে। গতিকে তিৱা জনজাতি ৰাইজে ইয়াৰ বিৰুধিতা কৰিছে আৰু কৰি যাব বুলি প্ৰকাশ কৰে লগতে চৰকাৰক দাবী জনায় অতিসোনকালে সেই অঞ্চলৰ ৰাইজক বনভূমি আইন ২০০৬ ৰ জৰিয়তে ভূমি পট্টা প্ৰদান কৰা । আনহাতে মধ্য অসমত ১৭ টা ট্রাইবেল বেল্ট ব্লক গঠন কৰা হৈছিল। ইতিমধ্যে অসম চৰকাৰে সাহসিকতাৰে কামৰূপ (মেট্ৰ’) জিলাৰ ডিমৰীয়া ট্রাইবেল বেল্ট ব্লকৰ অন্তৰ্গত কচুতলীত কেইদিনমানৰ পূর্বে অবৈধ বেদখলকাৰী সকলক উচ্ছেদ কৰিছিল যদিও এতিয়াও অবৈধভাৱে বহু ভূমি বেদখল হৈ আছে। তেনেদৰে মৰিগাঁও জিলাৰ ৭ টা ট্রাইবেল বেল্ট ব্লকত প্রায় ২৮০২২ বিঘা মাটি অবৈধ বেদখল হৈ আছে। ঠিক তেনেকৈ বাকী বেল্ট ব্লকসমূহতো অবৈধ বেদখল হৈ আছে বুলি উল্লেখ কৰাৰ লগতে যেনেদৰে কচুতলীত অবৈধ বেদখলকাৰীক উচ্ছেদ চলাই কিছু ভূমি বেদখলমুক্ত কৰিলে ঠিক তেনেদৰে বাকী ট্রাইবেল বেল্ট ব্লকসমূহকো বেদখলমুক্ত কৰিবলৈ সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰক দাবী জনায় ।
সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদ মেল সংবাদ স্মাৰ্ট চিটি বনোৱাৰ নামত খিলঞ্জীয়া লোকে বসবাস কৰা ভূমিত উচ্ছেদ অভিযানৰ বন্ধ কৰাৰ দাবী


