যুগ বাৰ্তা ১৫ মে === বৃহত্তৰ সোণাপুৰৰ ৰাইজৰ বহু সপোন , উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপনদৈনন্দিন বাৰ্তা , সোণাহেপাঁহ আৰু অক্লান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিত১৯৫২ চনৰ ১৫ মে তাৰিখৰ জন্যলগৰ পৰা বিদ্যালয় খনিয়ে ১৫ মে ২০২৬ তাৰিখত ৭৫ বৰ্ষ গৰকিল । পয়সত্তৰ বছৰীয়া ঐতিহাসিক এই শুভ ক্ষণটোক স্মৰণীয় আৰু সজীৱ কৰি ৰাখিবলৈ২০২৬ – ২৭ শৈক্ষিক বৰ্ষটো মহাৰজত জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ বৃহত্তৰ ডিমৰীয়া বাসী ৰাইজৰ সহায় সহযোগত সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে প্ৰস্তুতি চলাইছে । সেই উপলক্ষে আজি সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী সমাৰোহৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । পুৱা ১০-৪৫ বজাত মহাৰজত জয়ন্তীৰ যূল পতাকা আৰু বিদ্যালয়ৰ পতাকা একে সময়তে উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয় । মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি হেৰম্ব প্ৰসাদ শইকীয়াই আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক অধ্যক্ষ মৌচুমী চৌধুৰীয়ে । এই কাৰ্যসূচীৰ পিছতে সমাজত বিশেষকৈ ডিমৰীয়া অঞ্চলত বিভিন্ন স্তৰত বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা মহাৰজত জয়ন্তীৰ পয়সত্তৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপন হয় । পতাকা উত্তোলনৰ জড়িয়তে উদযাপন কাৰ্যসূচীৰ শুভিৰম্ভৰ পিছতে বিদ্যালয় সংগীত পৰিবেশ কৰা হয় । ১১-১০ মান বজাত নিশীপ্ৰভা চক্ৰৱৰ্তী , যতীন শইকীয়া আৰুসমীৰণ কলিতাই ক্ৰমে শ্ৰদ্ধাঞ্জলি , বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পন কৰে । আনহাতে ভাৰত ৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড৹ তপন দাস আৰু ডা৹ কণবাপু চৌধুৰীয়ে । ইফালে মহাৰজত জয়ন্তীৰ মুখ্য আকৰ্ষণ হিচাপে এখন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিধায়ক ড৹ তপন দাসে । বিদ্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত ছাত্র ছাত্ৰী সকলে অসমীয়া বাৰেবৰণীয়া সংস্কৃতি তথা শিক্ষা সচেতনতাৰ বিষয়ক সন্মুখত ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে । বড়ো কাৰ্বি তিৱা চাহজনজাতিৰ লগতে বিহুৰ ঢোল পেপা গগনাৰ সুৰত মুখৰিত হৈ পৰে সমগ্ৰ পৰিবেশ । এই শোভাযাত্ৰাত সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী , প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল , বহু অভিভাৱক আৰু বৰ্তমান শিক্ষাৰত ছাত্ৰ ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । শোভাযাত্ৰা কাৰ্যসূচীৰ পিছতে প্ৰীতি ভোজ আয়োজন কৰে । প্ৰীতি ভোজৰ পিছতে দিনৰ ৩ মান বজাত বিদ্যালয় প্ৰাঙ্গণত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক আন্তৰিক আলাপ-আলোচনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিদ্যালয়খনৰ অতীত স্মৃতি, শিক্ষা জীৱনৰ অভিজ্ঞতা আৰু বিদ্যালয়খনৰ উন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰা হয়। সন্ধিয়া গোটেই বিদ্যালয়খনৰ চৌপাশৰ পৰিৱেশ বন্তি প্ৰজ্বলনেৰে পোহৰাই তোলাৰ লগতে আতচবাজীৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ বছৰ যোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি সুন্দৰকৈ সমাপন হয় ।উল্লেখযোগ্য যে, এই মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি আগন্তুক বৰ্ষত অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপন


