নাজিৰাখাট স্থিত টোল গেট পৰিচালনা কৰা অংকিত টেনডন এণ্টাৰ প্ৰাইজ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ডিমৰীয়াৰ ৰাইজৰ ক্ষোভ । কোম্পানীটোৱে টোল কৰ সংগ্ৰহৰ নামত ডিমৰীয়াৰ ৰাইজক হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ।

যুগ বাৰ্তা ৭ মে === আজি দিনৰ ১২ বজাত ডিমৰীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ডিমৰীয়া সম-জিলাৰ আয়ুক্ত কণকণ শৰ্মাৰ মধ্যস্থতাত ডিমৰীয়াৰ কেইবাটাও জাতীয় দ’ল সংগঠন আৰু নাজিৰাখাট স্থিত টোল কৰ সংগ্ৰহকাৰী কোম্পানীটোৰ কতৃপক্ষৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। টোল কৰ সংগ্ৰহক কেন্দ্ৰ কৰি ডিমৰীয়া বাসী ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ শান্তি পূৰ্ণ সমাধানৰ কাম্যৰে ডিমৰীয়া সম-জিলাৰ আয়ুক্ত গৰাকীয়ে আজিৰ সভাখন অনুষ্ঠিত কৰে । উল্লেখযোগ্য যে নাজিৰাখাট স্থিত টোল গেটত টোল কৰ সংগ্ৰহৰ অনুমতি লাভ কৰা অংকৃত টেনডন এণ্টাৰ প্ৰাইজৰ নামৰ বহিৰাগত কোম্পানীটোৰ বিৰুদ্ধে ডিমৰীয়াৰ বিভিন্ন জাতীয় দল সংগঠনে ডিমৰীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজহুৱা অভিযোগ বিগত কিছুদিন ধৰি দি আহিছিল। টোলকৰ সংগ্ৰহৰ নামত বহিৰাগত কোম্পানীটোৰ কতৃপক্ষই তথা কোম্পানীটোত কৰ্মৰত বহিৰাগত কৰ্মচাৰীয়ে স্থানীয় ৰাইজক বিভিন্ন প্ৰকাৰে দুৰ্ব্যৱহাৰ কৰাৰ লগতে হাৰাশাস্তি কৰি অহাৰ অভিযোগ ডিমৰীয়াৰ জাতীয় দল সংগঠনে উত্থাপন কৰে। আনহাতে নাজিৰাখাট স্থিত বহিৰাগত Ankit Tendon Enterprises নামৰ টোল গেট কতৃপক্ষৰ পৰা বাচিব পৰা নাছিল সংবাদ মাধ্যমৰ কৰ্মীসকলো । ইয়াৰ উপৰিও ৰাজপথত বাহন নচলোৱাকে অৰ্থাৎ ঘৰত থকা বাহনৰ পৰা কোনো ধৰণৰ পৰিবহণ আইনৰ নীতি নিয়ম নমনাকৈয়ে টোলকৰ কাটি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে। যাৰ পৰিপ্ৰেক্ষিতত আজি ডিমৰীয়াৰ সমজিলাৰ আয়ুক্ত গৰাকীয়ে নিজৰ কাৰ্যালয়ৰ সভাগৃহত গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত কৰে ।বৈঠকত স্থানীয় দল সংগঠনৰ দাবী কৰে যে প্ৰথম অৱস্থাত সোণাপুৰৰ নাজিৰাখাটত টোলগেল স্থাপনৰ সময়ত ডিমৰীয়াৰ দ’ল সংগঠন তথা ৰাইজে কৰা গণ আন্দোলনৰ ফলশ্ৰুতিত টোল গেট কতৃপক্ষই সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চল সমূহত থকা ব্যক্তিগত বাহন আৰু বাণিজ্যিক মেস্কিমো জাতীয় সৰু বাহনৰ পৰা কোনোধৰণৰ টোলকৰ সংগ্ৰহ নকৰে । কিন্তু ডিমৰীয়া বাসী ৰাইজে টোল গেটৰ বিৰুদ্ধে যি গণ আন্দোলন কৰাৰ ফলশ্ৰুতিত টোল কৰৰ পৰা ৰেহাই পাইছিল সিদ্ধান্ত বৰ্তমান সময়তো টোল গেট কতৃপক্ষই বাহাল ৰাখিব লাগিব বুলি স্থানীয় ৰাইজৰ দাবী। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যোৱা নৱেম্বৰ মাহত নাজিৰাখাট স্থিত টোল গেটত টোল কৰ সংগ্ৰহৰ অনুমতি লাভ কৰা বহিৰাগত কোম্পানীটোৱে ডিমৰীয়া বাসী ৰাইজৰ সৰু ব্যক্তিগত বাহন সমূহৰ পৰা জোৰ জোৰোণ কৰি টোল কৰ সংগ্ৰহ কৰি আহিছিল। এই টোল কৰ সংগ্ৰহৰ বিৰুদ্ধে ডিমৰীয়া ৰাইজ মুঠেও সন্তুষ্ট নহয়। টোল গেটৰ ওচৰে পাজৰে থকা লোকসকলে বজাৰ সমাৰ স্কুল কলেজ আদি অনুষ্ঠানলৈ দিনটোত কেইবাবাৰো অহা যোৱা কৰিব লগা হয় । গতিকে বাৰে বাৰে অহা যোৱা কৰিলে বাৰে বাৰেই টোল কৰ দিব লাগিব সেইটো হ’ব নোৱাৰে বুলি স্থানীয় ৰাইজে মতপোষণ কৰাৰ লগতে টোল কৰ সম্পূৰ্ণ ৰূপে ৰেহাই দিয়াৰ দাৱী জনায়। ইফালে সভাৰ শেষত সিদ্ধান্ত হয় যে অহা ১৩ মেৰ ভিতৰত বৰ্তমান টোল গেট পৰিচালনাৰ দায়িত্বত থকা লোকে অংকৃত টেনডন এণ্টাৰ প্ৰাইজৰ মালিক পক্ষৰ লগত আলোচনা কৰি ডিমৰীয়া বাসী ৰাইজৰ মনৰ বেথা উপলব্ধি কৰি ডিমৰীয়া বাসী ৰাইজৰ সাপেক্ষে সঠিক সিদ্ধান্তত উপনীত হোৱাৰ সময় সীমা বান্ধি দিয়ে । অন্যথা যদি ডিমৰীয়া বাসী ৰাইজৰ দাবী সমূহ মানি নলয় তেনেহলে বহিৰাগত টোল কৰ সংগ্ৰহকাৰী কোম্পানীটোৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় জাতীয় দ’ল সংগঠন সমূহে ।

Leave a Reply

Your email address will not be published. Required fields are marked *