৬ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী অঞ্চলত দেওবাৰে দিন-দুপৰতে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ষেত্ৰী তিনিআলিস্থিত ৰাজ্যিক চিকিৎসালয়ৰ চৌহদত থকা স্বাস্থ্য বিভাগৰ চৰকাৰী আৱাসত এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰক হাত-ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।ঘটনাৰ বলি হোৱা ছাত্ৰজন হৈছে ১৭ বছৰীয়া গাণ্ডিপ লাহন শৰ্মা। তেওঁ সোণাপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল। জানিব পৰা মতে, ছাত্ৰজনৰ পিতৃ মনোজ শৰ্মা ক্ষেত্ৰী তিনিআলিস্থিত ৰাজ্যিক চিকিৎসালয়ত কম্পাউণ্ডাৰ হিচাপে কৰ্মৰত।জানিব পৰা মতে, দেওবাৰ হোৱাৰ বাবে মনোজ শৰ্মা আৰু তেওঁৰ পত্নীয়ে সৰু পুত্ৰক সংগীত বিদ্যালয়লৈ লৈ গৈছিল। সেই সময়ত গাণ্ডিপ আৱাসটোত অকলে আছিল। পৰৱৰ্তী সময়ত পিতৃ-মাতৃ ঘৰলৈ উভতি আহি আৱাসৰ ভিতৰত গাণ্ডিপক হাত-ভৰি বন্ধা অৱস্থাত অচেতন হৈ পৰি থকা দেখা পায়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।ঘটনাৰ খবৰ পোৱাৰ পিছতে ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাটোৰ গুৰুত্ব বিবেচনা কৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দলৰ লগতে ফেৰেণচিক বিশেষজ্ঞৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ বিভিন্ন দিশ পৰীক্ষা কৰাৰ উপৰি সম্ভাব্য তথ্য-প্ৰমাণ সংগ্ৰহ কৰে।কোনে, কিয় আৰু কি উদ্দেশ্যৰে ছাত্ৰজনক এইদৰে হাত-ভৰি বান্ধি থৈছিল, সেয়া বাতৰি লিখাৰ সময়লৈকে স্পষ্ট হোৱা নাই। ঘটনাটো প্ৰকৃততে হত্যাকাণ্ড নে আন কোনো কাৰণত সংঘটিত মৃত্যু, সেই বিষয়েও আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষীয়ে ঘটনাটোৰ আঁৰত থকা সমগ্ৰ ৰহস্য উদঘাটনৰ বাবে বিভিন্ন দিশত অনুসন্ধান চলাইছে।ইফালে, ক্ষেত্ৰী আৰক্ষী থানাৰ নিচেই সমীপতে থকা চৰকাৰী আৱাসত দিন-দুপৰতে সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। এগৰাকী কিশোৰ ছাত্ৰৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যুৰ ঘটনাই সমগ্ৰ ক্ষেত্ৰী অঞ্চলতে শোকৰ ছাঁ পেলোৱাৰ লগতে ঘটনাটোৰ উচিত তদন্ত আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি আইনৰ আওতালৈ অনাৰ দাবী উত্থাপন হৈছে।


