মৰকদোলাত আৰক্ষীৰ গুলীত দুই সন্দেহযুক্ত গাড়ী চোৰ নিহত চুৰি কৰা বাহনেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে নাকা চেকিঙত আৰক্ষীৰে গুলিয়াগুলি

দৈনন্দিন বা ৩ ছেপ্টেম্বৰ === সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰকদোলাত বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত এক গুলিয়াগুলিৰ ঘটনাত দুজন সন্দেহযুক্ত গাড়ী চোৰ নিহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ অভিযানৰ মাজতে সংঘটিত এই ঘটনাত আন এজন সন্দেহযুক্ত গাড়ী চোৰ পলাই যাবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাৰ সমীপৰ পৰা AS-01-KC-3128 নম্বৰৰ এখন TATA AC বাহন চুৰি কৰি লৈ যোৱা হয়। বাহনখন চুৰি হোৱাৰ পিছতে পাণবজাৰ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি এক গোপন তথ্যৰ ভিত্তিত চুৰি হোৱা বাহনখনৰ সন্ধানত অভিযান চলায়। আৰক্ষীৰ পিছা খেদাত চোৰৰ দলটোৱে আমচিং-ডিগাৰু হৈ সোণাপুৰৰ মৰকদোলাৰ দিশে পলাবলৈ চেষ্টা কৰে।
ইফালে, মৰকদোলাত আৰক্ষীৰ নাকা চেকিং চলি থকাৰ সময়তে চুৰি কৰা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পিছতে আৰক্ষী আৰু বাহনখনত থকা সন্দেহযুক্ত লোকসকলৰ মাজত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ গুলীত দুজন সন্দেহযুক্ত লোক নিহত হয়।
নিহত লোক দুজনক চাইদুল আলম লস্কৰ (৪০) আৰু বাবু সিং (৫৪) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত চাইদুল আলম লস্কৰক গাড়ী চুৰি চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা হৈছে। তেওঁৰ ঘৰ কাছাৰ জিলাত বুলি জানিব পৰা গৈছে। আনহাতে, আনজন নিহত বাবু সিঙৰ ঘৰ মণিপুৰৰ ইম্ফলত বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীৰ পৰা আন এজন সন্দেহযুক্ত গাড়ী চোৰ পলাই যাবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। পলাতক লোকজনক কৰায়ত্ত কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে অঞ্চলটোত ব্যাপক অভিযান অব্যাহত ৰাখিছে।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, কেইবাটাও মোবাইল ফোনৰ লগতে গাড়ী চুৰিৰ কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
ইফালে, গুলিয়াগুলিৰ ঘটনাত নিহত দুজনৰ মৃতদেহ প্ৰথমে সোণাপুৰ জিলা চিকিৎসালয়ত ৰখা হয়। পিছত দণ্ডাধীশৰ উপস্থিতিত যাৱতীয় আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) লৈ প্ৰেৰণ কৰা হয়।
ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্ত আগবঢ়াৰ লগে লগে গাড়ী চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোক, চুৰি কাণ্ডৰ বিস্তৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *