১ ছেপ্টেম্বৰ=== সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত টোল সংগ্ৰহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত সাতজন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতো টোলগেটত টোল সংগ্ৰহ অব্যাহত ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।উল্লেখ্য যে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্পূৰ্ণৰূপে আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে মেৰামতি নকৰালৈকে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধ ৰখাৰ দাবী জনাই আহিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে। লগতে খানাপাৰাৰ পৰা জাগীৰোডলৈকে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা এসপ্তাহৰ ভিতৰত সম্পূৰ্ণৰূপে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলাৰ দাবী উত্থাপন কৰা হৈছে।এই দাবীৰ পৰিপ্ৰেক্ষিতত কালি দিনৰ ভাগত নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধ ৰখা হৈছিল। কিন্তু অভিযোগ অনুসৰি, প্ৰতিবাদকাৰী তথা স্থানীয় ৰাইজৰ দাবীক আওকাণ কৰি নিশা প্ৰায় ১০ বজাৰ পৰা পুনৰ টোল সংগ্ৰহ আৰম্ভ কৰে টোলগেট কৰ্তৃপক্ষই।ইয়াৰ পাছতে নিশাৰ ভাগত টোলগেটস্থলীত স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত হৈ টোল সংগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীৰ উপস্থিতিক কেন্দ্ৰ কৰি টোলগেট চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠোৱাৰ লগতে বহু নিশালৈকে উচ্চপদস্থ আৰক্ষী বিষয়াসকলে ঘটনাস্থলীত উপস্থিত থাকি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখে।ইফালে, আজি ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে আগতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। টোলগেটৰ সমীপত টোল সংগ্ৰহ বন্ধৰ দাবীত প্ৰতিবাদ কৰি অহা যোৰাবাট শাখা ছাত্ৰ সন্থাৰ নেতা ৰিংকু ডেকাক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।ৰিংকু ডেকাক আটক কৰাৰ ঘটনাক লৈও বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিবাদী কাৰ্যসূচী যাতে পুনৰ গঢ় লৈ নুঠে, তাৰ বাবে আৰক্ষী প্ৰশাসনে দল-সংগঠনৰ নেতা-কৰ্মীৰ ওপৰত চাপ সৃষ্টি কৰাৰ অভিযোগো উত্থাপন হৈছে।সংবেদনশীল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি নিশাৰ পৰাই নাজিৰাখাট টোলগেটস্থলীত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমানো টোলগেট চৌহদত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন হৈ আছে আৰু নিৰাপত্তাৰ মাজতে টোল সংগ্ৰহ অব্যাহত আছে।
৭ জন নিৰীহৰ মৃত্যুৰ পাছতো নাজিৰাখাট টোলগেটত অব্যাহত টোল সংগ্ৰহঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী — প্ৰতিবাদী ছাত্ৰ নেতা ৰিংকু ডেকাক আটক


