৩০ আগষ্ট === সোণাপুৰৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ট্ৰেভেলাৰ আৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এখন মালবাহী ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ।
জানিব পৰা মতে, AS01 HC 0716 নম্বৰৰ ট্ৰেভেলাৰখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ঘাইপথৰ মাজত থকা এটা বৃহৎ দ-গাতত পৰে। গাতটোত পৰাৰ পাছতে ট্ৰেভেলাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত বাহনখন ডিভাইডাৰৰ ওপৰেৰে ওফৰি গৈ পথৰ বিপৰীত দিশত গৈ থকা AS07 BC 4271 নম্বৰৰ মালবাহী ট্ৰাকখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে ট্ৰেভেলাৰখনৰ বিস্তৰ ক্ষতিসাধন হয়। দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি থিতাতে তিনিগৰাকী পুৰুষ আৰু এগৰাকী প্ৰায় ৫০ বছৰীয়া মহিলাসহ মুঠ চাৰিগৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহযোগ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।
ইফালে, এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰৰ বাবে টোল গেট কৰ্তৃপক্ষই নিয়মীয়াকৈ টোল কৰ সংগ্ৰহ কৰি আহিছে। সময়ে সময়ে টোল কৰ বৃদ্ধি কৰি অহাৰ অভিযোগো উত্থাপন কৰে ৰাইজে। কিন্তু তাৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বহু অংশত সৃষ্টি হোৱা বৃহৎ আৰু গভীৰ গাতসমূহ সময়মতে মেৰামতি কৰা হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।
ৰাইজৰ অভিযোগ, ঘাইপথৰ মাজত সৃষ্টি হোৱা এনে দ-গাতসমূহ সময়মতে মেৰামতি নকৰাৰ ফলতেই ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশত গৈ থকা ট্ৰাকখনত খুন্দা মৰাৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে।
স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিপজ্জনক গাতসমূহ শীঘ্ৰে মেৰামতি কৰাৰ লগতে পথৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবী জনাইছে।
ইফালে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সম্পূৰ্ণ পৰিস্থিতি সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।


