যুগ বাৰ্তা ,২০ আগষ্ট ===
মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু চালকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি অসম-মেঘালয় সীমান্তৰ যোৰাবাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ টেক্সি চালক সন্থাই। প্ৰতিবাদৰ ফলত যোৰাবাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰাষ্ট্ৰীয় ঘাইপথতো সৃষ্টি হয় তীব্ৰ যান-জঁট।
উল্লেখ্য যে, যোৱা ১৯ আগষ্টত মেঘালয়ৰ অন্যতম প্ৰধান ছাত্ৰ সংগঠন খাচী ছাত্ৰ সন্থাই শ্বিলঙত ‘কলা পতাকা বাইক ৰেলী’ উলিয়াইছিল। সংগঠনটোৰ বিভিন্ন দাবীৰ ভিতৰত ইষ্ট জয়ন্তীয়া হিলছত ‘শ্ৰী চিমেণ্ট’ৰ জনশুনানি বাতিল, মেঘালয়ত ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থা আৰু মেঘালয় বাসিন্দাৰ সুৰক্ষা তথা নিৰাপত্তা আইন (MRSSA, 2016) সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰৱৰ্তন আৰু চৰকাৰী নিযুক্তিত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিয়াৰ দাবী অন্যতম।
অভিযোগ অনুসৰি, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে শ্বিলঙৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা, অগ্নিসংযোগ আৰু আক্ৰমণ সংঘটিত হয়। এই ঘটনাৰ মাজতে অসমৰ পৰা শ্বিলঙলৈ যোৱা কেইবাখনো বাহনো আক্ৰমণৰ লক্ষ্য হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
বিশেষকৈ, শ্বিলঙলৈ ফুৰিবলৈ যোৱা অসমৰ এটা পৰিয়ালৰ বাহনত আক্ৰমণ চলাই গাড়ীখনৰ গ্লাছ ভাঙি পেলোৱাৰ ফলত বাহনখনত থকা মহিলা আৰু এটি চাৰি বছৰীয়া শিশু আহত হোৱা ঘটনাই অসমৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ প্ৰতিবাদত আজি পুৱাৰে পৰা যোৰাবাটত অসমৰ টেক্সি চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে মেঘালয়লৈ যোৱা মুখ্য পথত প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয়ৰ পঞ্জীয়নভুক্ত বাণিজ্যিক, ব্যক্তিগত আৰু চৰকাৰী বাহন অসমত প্ৰৱেশত বাধা দিয়ে। বহু বাহনক সীমান্তৰ পৰাই ঘূৰাই পঠিওৱা হয়।
অৱশ্যে জৰুৰীকালীন সেৱাৰ বাহনসমূহক এই প্ৰতিবাদৰ পৰা ৰেহাই দিয়া হয় বুলি জানিব পৰা গৈছে। প্ৰতিবাদৰ ফলত যোৰাবাট অঞ্চলত সৃষ্টি হয় তীব্ৰ যান-জঁট আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনাৰ অন্যতম নেতা শৃংখল চলিহা আৰু বিকাশ অসমেও অংশগ্ৰহণ কৰে।
প্ৰতিবাদস্থলীত শৃংখল চলিহাই শ্বিলঙত অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু অসমৰ লোকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে অসমৰ লোক আৰু চালকৰ ওপৰত এনে আক্ৰমণ কোনো কাৰণতে মানি লোৱা নহ’ব। লগতে অসমৰ লোকৰ ওপৰত পুনৰ আক্ৰমণ সংঘটিত হ’লে ইয়াৰ বিৰুদ্ধে কঠোৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
ইপিনে, পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰোধ কৰিবলৈ অসম-মেঘালয় সীমান্তৰ যোৰাবাটত বৃহৎ সংখ্যক অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে।
আনহাতে, অসমৰ বাহন আৰু চালকসকলৰ নিৰাপত্তা সম্পূৰ্ণৰূপে নিশ্চিত নকৰালৈকে আৰু শ্বিলঙত অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে অসমৰ টেক্সি চালক সন্থাই। পুৱা ৯ বজাৰ পৰা নিশা প্ৰায় ৮ বজালৈ চলা প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে অসম মটৰ চালক সন্থা আৰু টেক্সি চালক সন্থাই। নিশাৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বাবে অৱৰোধ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠন দুটাৰ নেতৃত্বই।
অৱশ্যে, চালক সন্থাৰ চাৰিটা দাবী পূৰণৰ দাবীত কাইলৈ পুৱা ৭ বজাৰ পৰা পুনৰ যোৰাবাটত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ ঘোষণা কৰিছে অসম মটৰ চালক সন্থা আৰু টেক্সি চালক সন্থাই।
ইফালে, প্ৰতিবাদ আৰম্ভ হোৱাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো মেঘালয় তথা অসমৰ কোনো উচ্চপদস্থ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চালক সন্থাৰ বিষয়ববীয়াসকলে। সমস্যাটোৰ স্থায়ী সমাধান নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃত্বই।
সংগঠনটোৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে দাবীসমূহ পূৰণৰ ক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক দিনতো যোৰাবাটত প্ৰতিবাদ অধিক তীব্ৰ ৰূপত অব্যাহত ৰখা হ’ব।


