সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগ; ডিমৰীয়া অঞ্চলজুৰি শোকৰ ছাঁ

যুগ বাৰ্তা ২৯ জুলাই: সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰূপেন কুমাৰ চৌধুৰীয়ে যোৱা কালি বিয়লি প্ৰায় ৫ বজাত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত পৰলোক গমন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৫ বছৰ।
দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি চিকিৎসাধীন হৈ থকা চৌধুৰীৰ বিয়োগৰ খবৰে সোণাপুৰ তথা সমগ্ৰ ডিমৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেখেতে পত্নী, এজন পুত্ৰ, বোৱাৰী, দুজনী কন্যা আৰু তিনিজন নাতি-নাতিনীক এৰি থৈ যায়।
সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি অহা ৰূপেন কুমাৰ চৌধুৰী বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতিত্ব গ্ৰহণ কৰাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু জনকল্যাণমূলক কাৰ্যসূচীত তেওঁ সদায় সক্ৰিয় ভূমিকা পালন কৰিছিল। সৰল ব্যক্তিত্ব, অমায়িক ব্যৱহাৰ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ সকলো মহলতে সন্মানিত ব্যক্তি হিচাপে পৰিচিত আছিল।
তেখেতৰ বিয়োগত শিল্পী সমাজ ডিমৰীয়া, ডিগাৰু আঞ্চলিক বহাগী বিদায় সমিতি, বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি, ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, সোণাপুৰ শতদল শাখা সাহিত্য সভাকে ধৰি বহু সামাজিক, সাহিত্য-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। লগতে সংগঠনসমূহে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত আত্মাৰ চিৰশান্তি কামনা কৰে।
নিশা তেখেতৰ নশ্বৰ দেহ সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনাৰ পিছত ডিমৰীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সাহিত্যপ্ৰেমী, সমাজকৰ্মী, শুভাকাঙ্ক্ষী আৰু অসংখ্য গুণমুগ্ধই উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোকাকুল পৰিবেশৰ মাজতে সকলোৱে প্ৰয়াত ৰূপেন কুমাৰ চৌধুৰীৰ সমাজ, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদান সশ্ৰদ্ধভাৱে সোঁৱৰণ কৰে।
ৰূপেন কুমাৰ চৌধুৰীৰ বিয়োগে সোণাপুৰ তথা ডিমৰীয়া অঞ্চলৰ সাহিত্য-সংস্কৃতি আৰু সামাজিক জীৱনত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে বুলি বিভিন্ন মহলে অভিমত প্ৰকাশ কৰিছে। তেখেতৰ আদৰ্শ, কৰ্মনিষ্ঠা আৰু সমাজসেৱামূলক অৱদান দীৰ্ঘদিন ধৰি ৰাইজৰ মনত স্মৰণীয় হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *