সোণাপুৰৰ কুশল নগৰত দিন দুপৰতে দুৰ্ধৰ্ষ চুৰি; তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুট

যুগ বাৰ্তা ২৯ জুলাই === মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ কুশল নগৰ নৱ পথত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰৰ গৰাকী অনুপস্থিত থকাৰ সুযোগ গ্ৰহণ কৰি যোৱা ২৭ জুলাইত অজ্ঞাত দুৰ্বৃত্তই ঘৰৰ তলা ভাঙি প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লুটি লৈ পলায়ন কৰে।

জানিব পৰা মতে, ঘৰৰ গৰাকী ৰুণু নাথ পুৱা প্ৰায় ১০:৩০ বজাত এগৰাকী সম্পৰ্কীয় লোকৰ স্বাস্থ্যৰ খবৰ ল’বলৈ ডিমৰীয়া জিলা চিকিৎসালয়লৈ গৈছিল। দুপৰীয়া প্ৰায় ২ বজাত ঘৰলৈ উভতি আহোঁতে তেওঁ ঘৰৰ মূল তলা ভঙা অৱস্থাত দেখি হতভম্ব হৈ পৰে।

অভিযোগ অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ বুজি চোৰে ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ পিছত গদৰেজ ভাঙি তাত সংৰক্ষিত সোণৰ অলংকাৰ, নগদ ধন লুটি লৈ উধাও হয়।

ঘটনাৰ পিছতে ভুক্তভোগী ৰুণু নাথে সোণাপুৰ আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছে। চোৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

দিনৰ পোহৰতে সংঘটিত এই সাহসিকতাপূৰ্ণ চুৰিকাণ্ডই অঞ্চলবাসীৰ মাজত আতংক আৰু উদ্বেগৰ সৃষ্টি কৰিছে। শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি চুৰি হোৱা সম্পত্তি উদ্ধাৰ কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীৰ ওচৰত দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *