যুগ বাৰ্তা ৭জুন === সুস্মিতা মণ্ডল নামৰ এগৰাকী যুৱতীক অতি নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীক ফাঁচী দিয়াৰ দাৱী জনায় আজি দিনৰ এক বজাত ক্ষেত্ৰী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাওঁ ডিমৰীয়াৰ ৰাইজে । উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে সন্ধিয়া গাওঁ ডিমৰীয়াৰ এক নিৰ্জন পথাৰৰ মাজত এগৰাকী যুৱতীক মৃত অৱস্থাত পৰি থকা দেখা পায় গাঁৱৰে এজন লোকে । নিশায়ে ক্ষেত্ৰী থানাৰ আৰক্ষীৰ লগতে গুৱাহাটীৰ পৰা যোৱা এদল ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীত উপস্থিত পৰীক্ষা নিৰীক্ষা চলায়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে মৃত যুৱতীগৰাকীৰ ঘৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত ১ নং ঔজাৰীৰ সুস্মিতা মণ্ডল । যুৱতীগৰাকীক কোনে কি উদ্দেশ্যৰে বাট পথ নথকা নিৰ্জন পথাৰৰ মাজত কিদৰে হত্যাকাণ্ড সংঘটিত কৰিলে তাৰে উত্তৰ বিচাৰি ক্ষেত্ৰী থানাৰ আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ অন্তত বাৰ ঘণ্টাৰ ভিতৰত বৃহৎ সফলতা লাভ কৰে । যুৱতীগৰাকীক হত্যা কৰা দুই নং ঔজাৰীৰ বিপুল মল্লিক নামৰ হত্যাকাৰীজনক আটক কৰিবলৈ সক্ষম হয় । হত্যাকাৰী বিপুল মল্লিকে বেপৰোৱা ভাবে আৰক্ষী প্ৰশাসনৰ ওচৰত যুৱতীগৰাকীক চুৰিৰে আক্ৰমণ কৰি হত্যা সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিয়ে । সুস্মিতা মণ্ডল নামৰ যুৱতী গৰাকীয়ে অন্য কোনোবা যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যাৰবাবে বিপুল মল্লিকে হত্যা কৰিছে বুলি কোনো ধৰণৰ অনুসূচনা নকৰাকৈ সংবাদ মাধ্যমৰ আগতো বিস্ফোৰক স্বীকাৰোক্তি দিয়ে । যুৱতীগৰাকীৰ শৰীৰত বিপুলে সোতৰবাৰকৈ চুৰিৰে আঘাট কৰি হত্যা কৰা বুলি ক্ষেত্ৰী আৰক্ষীয়ে জানিবলৈ দিয়ে । হত্যাকাণ্ড সংঘটিত কৰি বিপুল মল্লিকে পলাই আছিল । ঘটনা পোহৰলৈ অহাৰ বাৰ ঘণ্টাৰ ভিতৰত ক্ষেত্ৰী আৰক্ষীয়ে গুৱাহাটী মহানগৰীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে । ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ মতে বিপুল মল্লিকে ফুচুলাই আনি সুস্মিতা মণ্ডল নামৰ যুৱতী গৰাকীক হত্যা কৰিছিল। যাৰ বাবে আজি অতি নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰা বিপুল মল্লিকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ আইনী ব্যৱস্থা প্ৰদান কৰা তথা ফাঁচী দিয়াৰ দাৱী জনাই ক্ষেত্ৰী আৰক্ষী থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আৰু গাওঁ ডিমৰীয়াৰ ৰাইজে । উল্লেখ্য যে পুৰ্বেও এই গৰাকী যুৱতীকে কিশোৰী অৱস্থাতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি পচকো আইনৰ অধীনত জেল হাজোতলৈ গৈছিল ঘাতক বিপুল মল্লিকে ।
হত্যাকাৰীক ফাঁচী দিয়াৰ দাৱী জনায় ক্ষেত্ৰী থানাত উত্তাল প্ৰতিবাদ। ঘাটকৰ স্বীকাৰোক্তি সোতৰবাৰকৈ চুৰিৰে আঘাট কৰি যুৱতীক হত্যা


