যুগ বাৰ্তা , ৯ মে == আজি সোণাপুৰৰ ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ESIC মেডিকেল কলেজ আৰু হস্পিতালৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় । ” ফেমেলি এডাপশ্বন প্ৰগ্ৰেম ” ৰ অধীনত সোণাপুৰৰ ৰূপনগৰ আৰু শান্তিনগৰ বাসী ৰাইজক বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে আজি দিনযোৰা চিকিৎসা সেৱাৰ কাৰ্যসূচীৰে ESIC মেডিকেল কলেজ আৰু হস্পিতালে বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে । গুৱাহাটী বেলতলা স্থিত ESIC মেডিকেল কলেজ আৰু হস্পিতাল খন ২০২৫ চনৰ অক্টোবৰ মাহত স্থাপন হোৱাৰ পিছত এই কাৰ্যসূচীটোৱেই হল প্ৰথম “ফেমেলি এডাপশ্বন প্ৰগ্ৰেম ” কাৰ্যসূচী । আনহাতে ডাক্তৰ নাজৰিন বানু লস্কৰৰ নেতৃত্বত ESIC মেডিকেল কলেজ আৰু হস্পিতাল ৰ অভিজ্ঞ ডাক্তৰ তথা মেডিকেল শিক্ষাৰ্থী সকলে আগবঢ়োৱা বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰি ৰূপনগৰ , শান্তিনগৰ বাসী ৰাইজ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰে ।উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মেডিকেল কমিচনৰ নীতি নিৰ্দেশনা মতে চৰকাৰী অথবা বেচৰকাৰী মেডিকেল কলেজৰ তত্বাৱধানত যিসকল মেডিকেল শিক্ষাৰ্থী আছে তেওঁলোকে একো একোখন গাওঁ তুলি লব লাগে। যি তুলি লোৱা কাৰ্যসূচীক কোৱা হয় ” ফেমেলি এডাপশ্বন প্ৰগ্ৰেম ” ।
সোণাপুৰত ESIC মেডিকেল কলেজ আৰু হস্পিতালৰ উদ্যোগত আয়োজন বিনামূলীয়া স্বাস্থ্য চিকিৎসা সেৱা শিবিৰ।


